শিলচৰ, ৫ মাৰ্চঃ দুদিনীয়া কাৰ্যসূচীৰে বৰাকত উপস্থিত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা গোলাম নবী আজাদ । শিলচৰৰ এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি সুস্মিতা দেৱৰ হৈ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ কাৰ্য চলায় । এই প্ৰচাৰ কাৰ্যৰ পিচতেই বিজেপিক সমালোচনা নেতাগৰাকীৰ ।
বিজেপিৰ দিনতেই সন্ত্ৰাসবাদ বৃদ্ধি পাইছে কাশ্মীৰত : গোলাম নবী আজাদ
শিলচৰত উপস্থিত হৈ বিস্ফোৰক মন্তব্য় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা গৰাকীৰ
পাঁচ বছৰ শাসন কালত সম্পূৰ্ণ ৰূপে ব্যৰ্থ বিজেপি তথা এনডিএ চৰকাৰ । মোডী চৰকাৰৰ দিনত নিৱনুৱা সংখ্যা বৃদ্ধি পালে , ক'লাধন অনাৰ ক্ষেত্ৰত ব্যৰ্থ চৰকাৰ, কৃষিৰ লগতে ঔদ্যোগিক স্থাপনৰ ক্ষেত্ৰত বিজেপি চৰকাৰ ব্যৰ্থ বুলি উল্লেখ কৰে ।
ইপিনে কাশ্মীৰৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত নেতাগৰাকীয়ে ক'লে বিজেপিৰ দিনতেই সন্ত্ৰাসবাদ বৃদ্ধি পাইছে কাশ্মীৰত । কংগ্ৰেছৰ দিনত কাশ্মীৰত শান্তি থকাৰ বিপৰীতে সন্ত্ৰাসবাদ নাছিল । কাশ্মীৰত বিজেপিৰ দিনতেই বহু সেনা জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বুলি মন্তব্য কৰে । দেশত বৰ্তমান এতিয়া বেয়া অৱস্থা ।