অসম

assam

ETV Bharat / state

ভূৱন পাহাৰ সংৰক্ষিত বনাঞ্চলত বন মাফিয়াৰ দৌৰাত্ম্য

ভূৱন পাহাৰ বন মাফিয়াৰ দপদপনি ৷ বন বিভাগৰ চকুৰ সমুখতে গছ কাটি তহিলং কৰিছে ভূৱন পাহাৰ বনাঞ্চল ৷ এই ঘটনাত দুজনকৈ বন বিষয়া জড়িত থকাৰ অভিযোগ ৷ খোদ বনমন্ত্ৰীৰ গৃহ জিলাত সংঘটিত হৈছে এই ঘটনা ৷

deforestation
deforestation

By

Published : Sep 14, 2020, 1:33 AM IST

শিলচৰ, 13 ছেপ্টেম্বৰ : বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ গৃহ জিলা কাছাৰত অবাধে চলিছে বন ধ্বংস যজ্ঞ ৷ শিল, বালিৰ পাচত এইবাৰ কাছাৰত সংৰক্ষিত বনাঞ্চল ধ্বংসৰ গুৰুতৰ অভিযোগ ৷ একাংশ বন বিষয়াৰ প্ৰত্যক্ষ সহযোগত বন মাফিয়াই চলাইছে এই ধ্বংস লীলা ৷ এফালৰ পৰা বন মাফিয়াই কটাইছে বনাঞ্চলৰ মূল্যবান গছ ৷ বন মাফিয়াৰ গ্ৰাসত কাছাৰ জিলাৰ সোনাই বিধান সভা সমষ্টিৰ মনিয়াৰখাল বন সংমণ্ডলৰ অধীনত থকা ভূবন পাহাৰ ৷

ভূৱন পাহাৰ সংৰক্ষিত বনাঞ্চলত বন মাফিয়াৰ দৌৰাত্ম্য

প্ৰতিদিনেই এই সংৰক্ষিত বনাঞ্চলটোৰ পৰা বৃহৎ সংখ্যক গছ কাটি সৰবৰাহ কৰি আহিছে চোৰাং ব্যৱসায়ীয়ে ৷ বন মাফিয়াৰ এই ধ্বংস লীলাত সম্পূৰ্ণ সহযোগ কৰাৰ অভিযোগ উঠিছে মনিয়াৰখাল বন সংমণ্ডলৰ বন বিষয়া ৰেঞ্জ বিষয়া পানী বৰগোহাঁই আৰু উপ সংমণ্ডল বিষয়া দেবাশীষ নাথৰ বিৰুদ্ধে ৷ অভিযোগ মতে এই দুই বন বিষয়াৰ প্ৰত্যক্ষ সহযোগত বন মাফিয়াই অবাধে গছ কাটি সৰবৰাহ চলায় আছে ৷

বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ গৃহ জিলাত এইদৰে অবাধে চলি থকা বন ধ্বংস যজ্ঞই স্তম্ভিত কৰি তুলিছে সকলোকে ৷ সচেতন মহলে অতি শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি এনে সমূহ কাৰ্য বন্ধ কৰাবলৈ দাবী জনাইছে বনমন্ত্ৰী গৰাকীক ৷

লগতে পঢ়ক :ছয়গাঁৱত অবৈধ ইটা ভাটা বন্ধ কৰাৰ দাবীত বিশাল প্ৰতিবাদী সমদল

ABOUT THE AUTHOR

...view details