অসম

assam

ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

top 10 at 11 am
11 বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : Aug 3, 2021, 11:08 AM IST

বস্ত্ৰ উদ্যোগৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা লাভ হৰ্ষজিৎ সন্দিকৈৰ

ডিব্ৰুগড়ৰ শিক্ষিত যুৱকে বস্ত্ৰ উদ্যোগৰ জৰিয়তে প্ৰতিষ্ঠা লাভ কৰিছে বিশ্ব দৰবাৰত ৷ ২০১৩ বৰ্ষতে "জাংছাই এথনিকছ" নামৰে এটি বস্ত্ৰ উদ্যোগ গঢ়ি তুলিছিল যুৱকজনে ৷ বস্ত্ৰ উদ্যোগৰ জৰিয়তে স্বাৱলম্বী ডিব্ৰুগড়ৰ এজন শিক্ষিত যুৱক ৷

অলিম্পিকত স্বৰ্ণ জয়ৰ স্বপ্ন ভংগ হ’ল ভাৰতীয় পুৰুষ হকী দলৰ

মঙলবাৰে টকিঅ’ অলিম্পিকৰ (Tokyo Olympics) পুৰুষ হকীৰ ছেমি ফাইনেলত বেলজিয়ামৰ হাতত 5-2ৰ ব্যৱধানত পৰাজিত হ’ল ভাৰতৰ ৷

আমছুত সংঘাত : এমাহৰ পিছত নাথাকিব নেকি ৰেজাউল কৰিমৰ আমছু ?

দুই শিৱিৰত বিভক্ত আমছুৰ মাজৰ সংঘাত পুনৰ পোহৰলৈ আহিছে ৷ সোমবাৰে ৰেজাউল কৰিম নেতৃত্বাধীন আমছুৰ বহুকেইজন সদস্যই ইকবাল হুছেইনৰ নেতৃত্বাধীন আমছুত যোগদান কৰে ৷ এই সময়তে সংবাদ মাধ্যমৰ আগত মুখ খুলি আমছুৰ কেন্দ্ৰীয় সভাপতি ইকবাল হুছেইনে পুনৰ লক্ষ্য কৰি ল’লে ৰেজাউল কৰিম নেতৃত্বাধীন আমছুক ৷

লাফিকুলৰ হত্যাকাণ্ড : তিনি হত্যাকাৰীৰ নাম ঘোষণা CBI ৰ

এ বি এমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক ২০১৭ চনৰ পহিলা আগষ্টত দিন-দুপৰতে অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল । এই ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু লাফিকুলৰ হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবীত ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ ইয়াৰ পাছতে তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰথমে এচ আই টি (SIT)ক আৰু পিছলৈ চিবিআইক গোচৰটো তদন্তৰ দায়িত্ব অৰ্পণ কৰিছিল ৷ চিবিআইয়ে তিনি হত্যাকাৰীৰ নাম ঘোষণা কৰাৰ লগতে সন্ধান দিওতালৈ দুই লাখ টকাকৈ পুৰস্কাৰ ঘোষণা কৰিছে ।

কেমেৰাত বন্দী দুটি সাপৰ মিলনৰ নান্দনিক দৃশ্য

একেলগে দুই সাপৰ মিলন ৷ দুই সাপৰ মিলনৰ নান্দনিক দৃশ্যই মনমোহিত কৰিছে সকলোৰে ৷ দুটি সাপে এইদৰে ক্ৰীড়া কৰা দৃশ্য দৃশ্যমান হৈছে বিলাসীপাৰাৰ ১১ নং ৱাৰ্ডত ৷

অৰুণাচলক লৈ চীনে দৃষ্টিভংগী সলনি কৰক : নিনং এৰিং

চীনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ কংগ্ৰেছৰ বিধায়ক তথা প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী নিনং এৰিঙে ৷ চীনে উত্তৰ-পূৱ ভাৰতৰ ৰাজ্য অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বতৰ অংশ বুলি দাবী কৰে ৷ চীনক এই মনোভাৱ সলনি কৰিবলৈ দাবী কৰিছে নিনং এৰিঙে ৷


শুভ জন্মদিন সুনীল ছেত্ৰী

37 বছৰত ভৰি দিলে ভাৰতীয় পুৰষ ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰীয়ে ৷ 1984 চনৰ আজিৰ দিনটোতে তেলেংগানাৰ ছেকেন্দ্ৰাবাদত জন্মগ্ৰহণ কৰিছিল ছেত্ৰীয়ে ৷

অসম-মিজোৰামৰ সমস্যা সমাধানৰ বাবে গৃহমন্ত্ৰীয়ে চেষ্টা কৰি আছে: মিজোৰামৰ ৰাজ্যপাল

গৃহমন্ত্ৰী অমিত শ্বাহে অসম-মিজোৰাম সীমান্তৰ সমস্যা সমাধানৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে ৷ মিজোৰামৰ ৰাজ্যপাল কে হৰি বাবুৱে এই মন্তব্য কৰিছে ৷ সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰাৰ পাচতে মিজোৰামৰ ৰাজ্যপাল গৰাকীয়ে এই মন্তব্য কৰে ৷

বৈদ্যুতিক বাহন নিৰ্মাণৰ কেন্দ্ৰ হ'ব ভাৰত: মন্ত্ৰী মহেন্দ্ৰ নাথ পাণ্ডে

সদনত বৈদ্যুতিক বাহন(Electric vehicle) নিৰ্মাণৰ প্ৰসংগ উত্থাপন । ৰাজ্যসভা(Rajya Sabha)ত গধুৰ উদ্যোগ মন্ত্ৰী ড০ মহেন্দ্ৰ নাথ পাণ্ডে(Dr Mahendra Nath Pandey)ই কয় যে, ভাৰতক বৈদ্যুতিক বাহন নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব লাগিব ।

ৰুমী জাফৰীৰ কন্যাৰ মেহেন্দীত উপস্থিত ৰিয়া চক্ৰৱৰ্তী

চলচ্চিত্ৰ নিৰ্মাতা তথা চিত্ৰ নাট্যকাৰ অভিনেত্ৰী ৰুমী জাফৰী (Rumi Jaffery)ৰ কন্যা আলফিয়া জাফৰী (Alfia Jaffery)ৰ মেহেন্দী অনুষ্ঠানত উপস্থিত ৰিয়া চক্ৰৱৰ্তী । দেওবাৰে মুম্বাইত অনুষ্ঠিত হোৱা আলফিয়াৰ বিবাহৰ সকলো অনুষ্ঠানত আলফিয়াৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে অভিনেত্ৰী ৰিয়া উপস্থিত থাকে । ইয়াৰ লগতে অভিনেতা ক্ৰিষ্টল ডিচুজা (Krystle D’Souza) উপস্থিত থাকে এই অনুষ্ঠানত ৷

ABOUT THE AUTHOR

...view details