বঙাইগাঁও, 14 নৱেম্বৰ: "এতিয়া অসমত ফেঁচিবাদী শাসন চলাইছে, হিটলাৰী শাসন চলিছে, এতিয়া অসমত কোনো সংবিধান নাই৷ ৰাজ্যৰ শাসনকৰ্তা, আইনৰ ৰক্ষক মুখ্যমন্ত্ৰীয়ে যদি আৰক্ষীক কৈ দিব পাৰে তোমালোকে এনকাউণ্টাৰ কৰি দিয়া, আঁঠুৰ তলত গুলী মাৰি দিবা, গুলী কৰাটো এটা পেটাৰ্ণ বুলি কয় ৷ তেনেহ’লে সেইখন দেশত আইনল কেনেকৈ থাকিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা ৷ আমি অসমত স্বচ্ছ আৰু নিকা প্ৰশাসন দিম৷ আমি মুখ্যমন্ত্ৰীৰ সেই কথাক আদৰণি জনাইছো ৷
মুখ্যমন্ত্ৰীয়ে বহুতো চৰকাৰী কাৰ্যালয়ত অভিযান চলাই একাংশ কৰ্মাচীৰক ঘোচ খোৱাত হাতে-লোটে ধৰা পেলাইছে, গ্ৰেপ্তাৰ কৰিছে, এই কাৰ্য আমি ভাল পাইছো ৷ কিন্তু আমি লগতে এইটো কথা কম তুমিটো পুঠি, খলিহনা কেইটাকহে ধৰিছে, কিন্তু আপোনাৰ বিধায়ক, মন্ত্ৰীকেইজনে কৰা দুৰ্নীতিবোৰ কোনে ধৰিব ৷
আপুনি নিজেও যিবোৰ দুৰ্নীতি কৰি আছে সেইবোৰ কোনে ধৰিব? আজি পেপাৰ বাতৰি চাবই নোৱাৰে চিণ্ডিকেটৰ বাতৰিয়ে ৷ সেইবোৰৰ তদন্ত কৰাওক ৷ " বঙাইগাঁও জিলাত অনুষ্ঠিত হোৱা তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত অশগ্ৰহণ কৰি ৰাজ্যিক সভাপতি ৰিপুন বৰাই এই মন্তব্য প্ৰকাশ কৰে (Ripun Bora slams CM Himanta Biswa Sarma) ৷
Trinamool Congress joining programme: মুখ্যমন্ত্ৰীক তুলাধূনা ৰিপুন বৰাৰ দেওবাৰে তৃণমূল কংগ্ৰেছৰ উদ্যোগত বঙাইগাঁও জিলাৰ চাকলাত বঙাইগাঁও জিলা সভাপতি হজৰত আলীৰ পৌৰহিত্বত এক জনসভা আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় (Trinamool Congress joining programme in Bongaigaon) ৷ এই সভাত অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সংখ্যালঘু কোষৰ অধ্যক্ষ আমিনুল ইছলামে অসমৰ সাংবাদিকৰ উদ্দেশ্য কটু মন্তব্য কৰাৰ বাবে ৰিপুন বৰা আৰু আমিনুল ইছলামে ক্ষমা খোজে (Trinamool Congress joining programme) ৷
এই যোগদান সভাত সভাত অগপ, কংগ্ৰেছ আৰু এআইডিইউএফৰ পৰা ৩০ জন নেতা কৰ্মী যোগদান কৰে বুলি জানিবলৈ দিয়ে । সভাত ৰাজ্যিক সাধাৰণ সম্পাদক মেহবুব হুছেইন, ৰাজ্যিক সম্পাদক বসন্ত শৰ্মা, চিৰাং জিলাৰ সভাপতি অনিৰ্বান সেনে ভাষণ দিয়ে ৷
ইফালে বৰপেটাৰ সাংসদ আব্দুল খালেকে (MP Abdul Khalek) ৰিপুণ বৰাক কটাক্ষ কৰি কয় যে অসমত তৃণমূল কংগ্ৰেছে ক’ত শিপাব পাৰিব ? অসমত তৃণমূল কংগ্ৰেছ কৰা মানেই বিজেপিক সহায় কৰা ৷ ৰিপুণ বৰাই কংগ্ৰেছত সভাপতি হৈ থাকোতেই যিকেইটাই দিনত কংগ্ৰেছ কৰি ৰাতি বিজেপি কৰে সেইকেইটাৰ বিৰুদ্ধে ব্যৱস্থা লব লাগিছিল ৷ মই জনাত তেনে মানুহ এজন কংগ্ৰেছত আছিল ৷ ৰিপুন বৰাই নিজেই সেই মানুহজনক টিকট দিবলৈ উঠি পৰি লাগিছিল ৷
লগতে পঢ়ক:পেঙেৰী বনাঞ্চলত উগ্ৰপন্থীৰ সৈতে সেনা-আৰক্ষীৰ গুলীয়াগুলী