অভয়াপুৰী, 20 মে’:অভয়াপুৰীৰ বৰঘোলাৰ পাখিৰিগুৰিত বৃহস্পতিবাৰে আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে । আৰক্ষীয়ে প্ৰফুল্ল ৰায় ওৰফে ৰাৱন নামৰ লোকজনৰ বাসগৃহত অভিযান চলাই প্ৰায় ৮৬ কেজি পৰিমাণৰ গাঞ্জাখিনি জব্দ কৰে । প্ৰফুল্ল ৰায় ওৰফে ৰাৱনৰ বিৰুদ্ধে পূৰ্বতেও গাঞ্জা ব্যৱসায় কৰাৰ অভিযোগ উঠিছিল । আৰক্ষীয়ে কেইবাবাৰো আটক কৰিছিল প্ৰফুল্ল ৰায় ওৰফে ৰাৱনক ।
অভয়াপুৰীৰ বৰঘোলাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ
অভিযুক্ত প্ৰফুল্ল ৰায় ওৰফে ৰাৱন বৰ্তমান কাৰাগাৰত বন্দী হৈ আছে । কিন্তু ৰাৱনে কিদৰে কাৰাগাৰৰ পৰা নিষিদ্ধ গাঞ্জাৰ ব্যৱসায় অব্যাহত ৰাখিছে সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত ।
অভয়াপুৰীৰ বৰঘোলাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ
অভিযুক্ত প্ৰফুল্ল ৰায় ওৰফে ৰাৱন বৰ্তমান কাৰাগাৰত বন্দী হৈ আছে । কিন্তু ৰাৱনে কিদৰে কাৰাগাৰৰ পৰা নিষিদ্ধ গাঞ্জাৰ ব্যৱসায় অব্যাহত ৰাখিছে সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত । আনহাতে অভয়াপুৰী আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰি আৰক্ষী চকীলৈ লৈ আনে ।