অসম

assam

By

Published : Jul 24, 2020, 6:09 PM IST

ETV Bharat / state

বঙাইগাঁও জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন সংখ্যালঘু ছাত্ৰ সন্থাৰ

শুকুৰবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে বঙাইগাঁও জিলাৰ কেইবাটাও আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে ৷ আই নদীৰ বাঢ়নী পানী আৰু জাৰাগুৰি-জামদহাৰ মাজৰে ওলাই অহা এটা সুতিয়ে গৰাখহনীয়াৰ সৃষ্টি কৰাৰ পিছত ভাণ্ডাৰা হাইস্কুল,মাদ্ৰাছাত আশ্ৰয় লৈ থকা বন্যাৰ্তৰ খবৰ লয় সভাপতি গৰাকীয়ে ৷

FLOOD AFFECTED AREA VISIT ALL ASSAM MINORITY STUDENT UNION
বঙাইগাঁও জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন সংখ্যালঘু ছাত্ৰ সন্থাৰ

উত্তৰ অভয়াপুৰী, 24 জুলাই : ৰাজ্যৰ প্ৰলয়ংকাৰী বানে তচনচ কৰিছে ৰাজ্যবাসীক ৷ শেহতীয়া তথ্য অনুসৰি, 28 খন জিলা বানৰ কবলত পৰিছে ৷ বানাক্ৰান্ত ৰাইজে ঘৰ-মাটি এৰি ওখ ভেঁটি আৰু মাথাউৰিত বসবাস কৰিছে ৷ ৰাজ্যৰ বহুতো বানাক্ৰান্তই দুমাহ মানৰ পৰাই আশ্ৰয় শিবিৰত বসবাস কৰিব লগা হৈছে ৷ বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ চৰকাৰ-প্ৰশাসন সকলো সময়তে সষ্টম হৈ আছে যদিও চৰকাৰী সাহাৰ্য সামগ্ৰীয়ে ঢুকি পোৱা নাই ৰাজ্যৰ বানাক্ৰান্তক ৷

বঙাইগাঁও জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন সংখ্যালঘু ছাত্ৰ সন্থাৰ

শুকুৰবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে বঙাইগাঁও জিলাৰ কেইবাটাও আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে ৷ আই নদীৰ বাঢ়নী পানী আৰু জাৰাগুৰি-জামদহাৰ মাজৰে ওলাই অহা এটা সুঁতিয়ে গৰাখহনীয়াৰ সৃষ্টি কৰাৰ পিছত ভাণ্ডাৰা হাইস্কুল,মাদ্ৰাছাত আশ্ৰয় লৈ থকা বন্যাৰ্তৰ খবৰ লয় সভাপতি গৰাকীয়ে ৷

শিবিৰ কেইটাত উপস্থিত হৈ সভাপতি গৰাকীয়ে চৰকাৰলৈ ক্ষোভ প্ৰকাশ কৰি কয় যে,খাদ্য সামগ্ৰীৰ অভাৱত দিন কটাইছে বানাক্ৰান্ত,বিশুদ্ধ খোৱা পানী,বিজুলী তথা স্বাস্থ্যগত কোনো ব্যবস্থা গ্ৰহণ নকৰাৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰে সভাপতি গৰাকীয়ে ৷ লগতে,মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা বন্যাৰ্তৰ খবৰ কৰি যোৱা বুলিও সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে ৷ যাৰবাবে বঙাইগাঁও জিলা প্ৰশাসনে বানাপনীত ক্ষতিগ্ৰস্ত হোৱা লোকক সহায় কৰাত ব্যৰ্থ হৈছে বুলি সভাপতি গৰাকীয়ে উল্লেখ কৰে ৷

লগতে পঢ়ক : প্ৰমোদ বড়োৰ সৈতে তুলনা নহয় প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰীৰ : ইউ পি পি এল

ABOUT THE AUTHOR

...view details