নথি জালিয়াতি কৰাৰ অভিযোগত লাট মণ্ডলক নিলম্বিত
বঙাইগাঁও জিলাৰ বইটামাৰী ৰাজহ চক্ৰৰ লাট মণ্ডল আমিনুল খানক নথি জালিয়াতি কৰাৰ অভিযোগত নিলম্বিত কৰে ৷
বঙাইগাঁও, 12 ছেপ্তেম্বৰঃ দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি বঙাইগাঁও জিলা উপায়ুক্ত আদিল খানৰ ৷ চাকৰিৰ পৰা নিলম্বিত কৰিলে এজন লাট মণ্ডলক ৷ দীৰ্ঘ দিন ধৰি বঙাইগাঁও জিলাৰ বইটামাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ব্যাপক দুৰ্নীতি চলায় অহাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ এই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰে বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে ৷ নথি জালিয়াতি কৰাৰ অভিযোগত আমিনুল খান নামৰ লাট মণ্ডলক নিলম্বিত কৰে উপায়ুক্ত গৰাকীয়ে । এক নিৰ্দেশমৰ্মে আমিনুল খানক চাকৰিৰ পৰা নিলম্বিত কৰিছে উপাযুক্তজনে । লাট মণ্ডলজন বিভিন্ন দুৰ্নীতিত লিপ্ত হৈ থকাৰ অভিযোগ আছিল বুলি জানিবলৈ পোৱা গৈছে ৷