অসম

assam

কোচ ৰাজবংশী বসতিপূৰ্ণ অঞ্চলত এতিয়া আনন্দৰ বন্যা

By

Published : Sep 4, 2020, 10:51 PM IST

বঙাইগাঁওত আজি দ্বিতীয় দিনাও কোচ ৰাজবংশী বিভিন্ন দল সংগঠনে কমতাপুৰক স্বায়ত্ব শাসন প্ৰদান কৰাক লৈ বিজয় উল্লাস অব্যাহত ৷

Bongaigaon KAC welcome
বঙাইগাঁৱত এতিয়া আনন্দৰ বন্যা

বঙাইগাঁও, বাক্সা, 4 ছেপ্তেম্বৰঃ কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ গঠনৰ বিধেয়ক অসম বিধান সভাত গৃহীত হোৱাৰ পিছতেই কমতাপুৰ আৰু জনজাতিকৰণ আন্দোলনত জড়িত চাৰি কোচ ৰাজবংশী সংগ্ৰামী নেতা বিশ্বজিৎ ৰায়, ত্ৰিদীপ পতি সিংহ, অতুল ৰায় আৰু ত্ৰৈলোক্য ৰায়ক মিঠাই বিতৰণ , ৰং চতিয়াই আৰু ৰাজপথত ফটকা ফুটাই বঙাইগাঁও চহৰত বিপুল ভাবে সম্বোধন জনায় কোচ ৰাজবংশী যুৱছাত্ৰ সন্মিলনী, জাতীয় মহাসভা আৰু সন্মিলনীয়ে ৷

কমতাপুৰক স্বায়ত্ব শাসন প্ৰদান কৰাক লৈ বিজয় উল্লাস অব্যাহত

বঙাইগাঁও চহৰত কোচ ৰাজবংশী যুৱছাত্ৰ সন্মিললীৰ কাৰ্যালয়ত আয়োজন কৰা এক যৌথ সংবাদমেল যোগে কৰমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ গঠন কৰা বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰী আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী চন্দন ব্ৰহ্মক ধন্যবাদ জনায় কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়, সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায়, যুৱ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায় আৰু উপদেষ্টা ত্ৰিদীপ পতি সিংহই ৷

কোচ ৰাজবংশী অধ্যুষিত অঞ্চলত এতিয়া আনন্দৰ বন্যা

কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ গঠনত কোচ ৰাজবংশী জনগোষ্ঠীৰ এক উত্তোৰণৰ শাসন ব্যৱস্থা বুলি সদৰি কৰি সংবাদমেল যোগে চাৰিও শীৰ্ষ নেতাই কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ গঠনৰ ৩ চেপ্তেম্বৰৰ দিনটোক কমতাপুৰ দিৱস হিচাপে ঘোষণা কৰে আৰু উক্ত দিনটোক প্ৰতিবছৰে কমতাপুৰ দিৱস হিচাপে পালন কৰিব বুলি উল্লেখ কৰে ৷ লগতে চলিত ছেপ্তেম্বৰ মাহতে বঙাইগাঁও চহৰত কেন্দ্ৰীয় ভাবে বিজয় উৎসৱ পালন কৰিব ৷

উক্ত কেন্দ্ৰীয় বিজয় উৎসৱত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰী, জনজাতি মন্ত্ৰী চন্দন ব্ৰহ্ম, বিজেপি সভাপতি ৰণজিৎ দাস আৰু অগপৰ সভাপতি অতুল বৰাক আমন্ত্ৰণ জনাব ৷ কেন্দ্ৰীয় বিজয় উৎসৱৰ পিছতে প্ৰতিখন জিলাত বিজয় উৎসৱ পালন কৰিব বুলি জনায় ৷ সংবাদমেল যোগে অতিশীঘ্ৰে অন্তবৰ্ত্তীকালীন পৰিষদ গঠনৰ লগতে আগন্তুক বিধান সভা নিৰ্বাচনৰ আগতে কোচ ৰাজবংশী সকলোক অনুসূচিত জনজাতিৰ মৰ্যাদা দিবলৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু অসম চৰকাৰক আহ্বান জনায় ৷

আনহাতে,নাওকাটাৰ ৰাজপথত ফটকা ফুটাই আনন্দ উল্লাস কৰা দেখা যায় ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণকলৈ চলি থকা দীঘলীয়া ৰাজনৈতিক প্ৰক্ৰিয়াৰ মাজতে অসম বিধান সভাই মৰাণ,মটক আৰু কোচ ৰাজবংশী জনগোষ্ঠীকৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰিবলগীয়া স্বায়ত্বশাসিত পৰিষদত অনুমোদন জনোৱাৰ ফলত নামনি অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ আৰ্থ সামাজিক, ৰাজনৈতিক বিকাশৰ লক্ষ্যৰে গঠন হোৱা স্বায়ত্বশাসিত পৰিষদৰ বিধান সভাৰ অনুমোদনৰ পিচতে নাওকাটাত আনন্দৰ লহৰ পৰিলক্ষিত হৈছে ৷ পূৱ ডেফেলী আঞ্চলিক আক্ৰছুৰ উদ্যোগত শুকুৰবাৰে সন্ধিয়া নাওকাটা চাৰিআলিত আনন্দ উৎসৱ পালন কৰে ৷

কোচ ৰাজবংশী অধ্যুষিত অঞ্চলত এতিয়া আনন্দৰ বন্যা

আক্ৰাছুৰ কৰ্মী সকলে ফটকা ফুটাই আনন্দ উৎসৱ পালন কৰে ৷ অনুষ্ঠানত পূৱ ডেফেলী আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি বৃন্দাবন বৰ্মন,সম্পাদক জিতু নাৰায়ণ কোঁৱৰ আৰু উপদেষ্টা মদন দাসে স্বায়ত্ব পৰিষদ ঘোষণাৰ ক্ষেত্ৰত আনন্দ প্ৰকাশ কৰাৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ বাবে দাবী জনায় ৷

কমতাপুৰক স্বায়ত্ব শাসন প্ৰদান কৰাক লৈ বিজয় উল্লাস অব্যাহত
লগতে পঢ়কঃৰাজ্যত কৰ‘ণা ভাইৰাছৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কি ক'লে তৰুণ গগৈয়ে ?

ABOUT THE AUTHOR

...view details