অসম

assam

Student kidnapping news: ৬৫ হাজাৰ টকাত বিক্ৰী স্কুলীয়া ছাত্ৰী

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 2:20 PM IST

বঙাইগাঁৱৰ লেংটিছিঙাৰ ডুমেৰগুড়ী গাঁৱৰ নৱম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰি ৬৫ হাজাৰ টকাত বিক্ৰী শিৱসাগৰৰ এটা ইটাভাটাত । বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত আমিৰ আলী আৰু আহাতন নেছাই অপহৰণ কৰি বিক্ৰী কৰাৰ অভিযোগ । আৰক্ষীৰ ভূমিকা সন্দেহজনক । নাবালিকাক উদ্ধাৰ কৰি দোষীক কঠোৰ শাস্তিৰ দাবী ভুক্তভোগী পৰিয়ালৰ ।

minor girl kidnapped
ছাত্ৰী অপহৰণ

ছাত্ৰী অপহৰণ

বৰপেটা, 24 অক্টোবৰ : বঙাইগাঁও জিলাৰ লেংটিছিঙাৰ নিচেই কাষত অৱস্থিত ডুমেৰগুড়ী গাঁৱৰ এজনী ১৫ বছৰীয়া তথা নৱম শ্ৰেণীৰ নাবালিকাক অপহৰণ কৰি শিৱসাগৰৰ এটা ইটাভাটাত বিক্ৰী কৰাৰ ঘটনাই অঞ্চলজুৰি এক চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, আজিৰে পৰা প্ৰায় ১৬/১৭ দিন আগতে বিদ্যালয়ৰ পৰা অহাৰ সময়ত আহাতন নেছা আৰু তাইৰ স্বামী আমিৰ আলীয়ে মিলি ছোৱালীজনীক ফুচুলাই নি উক্ত দিনাই শিৱসাগৰ জিলাৰ এখন ইটাভাটাত ৬৫ হাজাৰ টকাত বিক্ৰী কৰি দিয়াৰ অভিযোগ উত্থাপন কৰে পিতৃ-মাতৃৰ লগতে স্থানীয় ৰাইজে ।

উক্তদিনা কিশোৰীজনী সন্ধিয়ালৈকে ঘৰলৈ উভতি নহাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় পৰিয়ালৰ মাজত । সন্তানক বিচাৰি হাবাথুৰি খাবলগীয়া হয় পিতৃ-মাতৃ ৷ হঠাৎ এক সপ্তাহ পূৰ্বে শিৱসাগৰৰ পৰা এটা ফোন কল আহে ৷ ফোন কলত জানিব পাৰে যে নাবালিকাজনীক আহাতন নেছা আৰু তাইৰ স্বামী আমিৰ আলীয়ে শিৱসাগৰৰ এটা ইটাভাটাত নবিৰণ নেছা আৰু বুদ্ধি সৰ্দাৰৰ ওচৰত ৬৫ হাজাৰ টকাত বিক্ৰী কৰে ৷ এই কথা খোদ নাবালিকাজনীৰ মাতৃয়ে জানিবলৈ দিয়ে ।

এই বিষয়ে অৱগত হোৱাৰ পিছতে নাবালিকাজনীৰ পিতৃ-মাতৃয়ে লেংটিছিঙা থানাত আহাতন নেছা আৰু আমিৰ আলীৰ বিৰুদ্ধে অপহৰণ কৰি বিক্ৰী কৰা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে । ইফালে পৰিয়ালৰ মানুহে আহাতন নেছা আৰু আমিৰ আলীৰ লগত ফোনযোগে যোগাযোগ কৰাত শিৱসাগৰৰ ইটাভাটাত থকা বুলি স্বীকাৰ কৰে যদিও এজাহাৰ উঠাই দিয়াৰ পিচত নাবালিকাজনীক ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে । কিন্তু মনকৰিবলগীয়া যে, ৰহস্যজনকভাৱে আজিকোপতি লেংটিছিঙা আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই । সেয়ে উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে সাংবাদিকৰ কাষ চাপিছে আৰু বাতৰিৰ জৰিয়তে অসম চৰকাৰক কাতৰ আহ্বান জনাইছে যাতে বিষয়টোৰ ওপৰত তদন্ত কৰি দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তিৰ দিয়ে ৷ কিশোৰীজনীক উদ্ধাৰৰ বাবে কাতৰ আহ্বান পৰিয়ালৰ লোকৰ ।

লগতে পঢ়ক :Attempt to kidnap: বিদ্যালয়লৈ যোৱা ছাত্ৰক অপহৰণ

ABOUT THE AUTHOR

...view details