অসম

assam

21 ছেপ্তেম্বৰত আক্ৰাছুয়ে ৰাজ্যজুৰি সাব্যস্ত কৰিব প্ৰতিবাদ

By

Published : Sep 15, 2020, 10:24 PM IST

বঙাইগাঁৱত আক্ৰাছুৰ সংবাদমেল ৷ 21 ছেপ্তেম্বৰ ৰাজ্যজুৰি সংগঠনটোৱে পালন কৰি প্ৰতিবাদ ৷ নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত এই আন্দোলনৰ হুংকাৰ সংগঠনটোৰ ৷

AAKRASU Press Meet, Reaction On Rulling Goverment
আক্ৰাছুৰ সংবাদমেল

চিৰাং, 15 ছেপ্তেম্বৰ :21 ছেপ্তেম্বৰত অসমৰ প্ৰতিখন জিলা,মহকুমাত আন্দোলন কৰাৰ হুংকাৰ আক্ৰাছুৰ ৷ মঙলবাৰে বঙাইগাঁৱত এখন সংবাদমেল আয়োজন কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি এই মন্তব্য সংগঠনটোৰ ৷

আক্ৰাছুৰ সংবাদমেল

আনহাতে,সংগঠনটোৱে সংবাদমেলত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদক লৈ সন্তুষ্ট নহয় বুলিও উল্লেখ কৰে ৷ ইফালে,ৰাজবংশী সকলক বাৰে বাৰে চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ প্ৰদান কৰিছে সংগঠনটোৱে ৷ যাৰ বাবে আগন্তক বিধানসভা নিৰ্বাচনত আক্ৰাছুৱে বিজেপি চৰকাৰক এশিকনি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে ৷

আক্ৰাছুৰ সংবাদমেল

ইফালে,পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত আক্ৰাছু পুনৰ ৰাজপথত নামিব বুলিও উল্লেখ কৰিলে সংগঠনটোৱে ৷

লগতে পঢ়ক :গাঠিৰ ধন ভাঙি দলং নিৰ্মাণৰ সিদ্ধান্ত ল'লে দক্ষিণ শালমাৰাৰ ৰাইজে

ABOUT THE AUTHOR

...view details