বিশ্বনাথ, 15 মেঃ গহপুৰত উপস্থিত হয় জলসিঞ্চন মন্ত্ৰী ৰঞ্জিত দত্ত ৷ কোৱাৰান্টাইন কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰাৰ উদ্দেশ্যে উপস্থিত হয় মন্ত্ৰী ৰঞ্জিত দত্ত ।
গহপুৰ কোৱাৰান্টাইন কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী ৰঞ্জিত দত্তৰ
বিশ্বনাথ জিলা প্ৰশাসনে কেইবাটাও কোৱাৰেন্টাইন কেন্দ্ৰ সাজু কৰি ৰাখিছে ৷ এই কোৱাৰান্টাইন কেন্দ্ৰ সমূহ শুকুৰবাৰে পৰিদৰ্শন কৰে অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত দত্তই ৷ এই কোৱাৰাণ্টাইন কেন্দ্ৰত থকা লোকসকলক সকলো সা-সুবিধা প্ৰশাসনে যোগান ধৰিব বুলি প্ৰকাশ কৰে মন্ত্ৰীজনে ।
১২ মে পৰা ৰে'ল বিভাগে বহিঃৰাজ্যত আবদ্ধ হৈ থকা শ্ৰমিক আৰু ছাত্ৰ ছাত্রী সকলক নিজ নিজ গৃহ জিলালৈ বিশেষ ৰে'লৰ জৰিয়তে চৰকাৰে ওভতাই অনাৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে, কেইবাশ লোক বিশেষ ৰে'লৰ জৰিয়তে নিজ নিজ গৃহ জিলাত উপস্থিত হৈছে । ইফালে ৰাজ্যৰ আন আন জিলাৰ লগতে বিশ্বনাথ জিলালৈ প্ৰায় ২ হাজাৰ লোক অহা তথ্য সদৰি কৰিছে জিলা প্ৰশাসনে । সেই লোক সকলক নিজ নিজ জিলাত কোৱাৰান্টাইন কৰিবলৈ বিশ্বনাথ জিলা প্ৰশাসনে কেইবাটাও কোৱাৰান্টাইন কেন্দ্ৰ সাজু কৰি ৰাখিছে ৷ ইফালে এই কোৱাৰান্টাইন কেন্দ্ৰ সমুহত শুক্ৰবাৰে অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত দত্তই গহপুৰ এটা কোৱাৰান্টাইন কেন্দ্ৰ পৰিদৰ্শন কৰে । তাৰোপৰি, ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ হেলেম চান্দামাৰীত অৱস্থিত ব্যক্তিগত খণ্ড ট্ৰেণ্ড হস্পিতাল অৱস্থিত । এই হস্পিতাল খনতে বিশ্বনাথ জিলা প্ৰশাসনে গহপুৰ সমষ্টিৰ লোক সকলক কোৱাৰান্টাইন কৰি ৰখাৰ বাবে সকলো সাজু কৰি ৰাখিছে বুলি সদৰি কৰে মন্ত্ৰী জনে । ইফালে বহিঃৰাজ্যৰ পৰা অহা লোক সকলকৰ বাবে গহপুৰত কলিবাৰী মহাবিদ্যালয় খনৰ এটা প্ৰেক্ষাগৃহও সাজু কৰি ৰখা কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । আনহাতে, এই কোৱাৰেণ্টাইন কেন্দ্ৰত থকা লোক সকলক সকলো সা সুবিধা খাদ্য আদি প্ৰশাসনে যোগান ধৰিব বুলি প্ৰকাশ কৰে । লগতে প্ৰয়োজন সাপেক্ষে যদি অধিক লোক হয় তাৰ বাবে বিশ্বনাথ জিলাত থকা হোটেল সমুহ সাজুকৰি ৰখা হৈছে বুলি উল্লেখ কৰে । মন্ত্ৰীজনৰ সৈতে বিশ্বনাথ জিলাৰ উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসো উপস্থিত থাকে ৷
লগতে পঢ়ক- কৰ্ণাটকত আবদ্ধ নলবাৰীৰ 15 জনকৈ যুৱক