বিহালী,16 জানুৱাৰীঃ খহনীয়া সৃষ্টি হৈছে বিহালীৰ কংগ্ৰেছ দলত ৷ নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনত থিয় দিছে একাংশ কংগ্ৰেছ নেতা-কৰ্মী ৷ ৰাজ্যত বিজেপিৰ বিৰুদ্ধে অসমৰ বিভিন্ন দল-সংগঠনৰ লগতে কংগ্ৰেছ দলে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি থকাৰ সময়তে বিহালীত বৃহস্পতিবাৰে দেখা যায় এক ব্যতিক্ৰমী দৃশ্য ৷ বিহালী বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ বাসগৃহত উপস্থিত হৈ বটিয়ামাৰী গাওঁ পঞ্চায়তৰ কংগ্ৰেছ নেতা নবীন গৌতমে কংগ্ৰেছ পৰিত্যাগ কৰি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে।
সদ্য বিজেপি নবীন গৌতমে সংবাদমাধ্যমক জনোৱা মতে,বিগত ১৫ বছৰে কংগ্ৰেছ দলে অবাধ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ সহায়ত অসমখন শেষ কৰিলে ৷ তদুপৰি অনাগত সময়ত অসমক আগুৱাই নিয়াৰ ক্ষেত্ৰত কংগ্ৰেছে কোনো চিন্তা নকৰিলে ৷ তাৰোপৰি বিজেপি চৰকাৰে হিন্দুসকলৰ সুৰক্ষাৰ চিন্তা-চৰ্চাৰে নাগৰিকত্ব সংশোধনী আইনখন অসমলৈ আনিছে ৷ বিজেপিৰ উক্ত কাৰ্যৰ ফলতে আকৃষ্ট হৈ গৌতমে বিজেপিত যোগদান কৰে ৷ বিগত তিনিটা বৰ্ষত বিহালী সমষ্টিৰ বিধায়ক ৰণজিৎ দত্তই যি উন্নতিৰ পথ দেখুৱাইছে তাৰ বাবে প্ৰাক্তন কংগ্ৰেছ নেতাজনে বিজেপিত যোগদান কৰে বুলি প্ৰকাশ কৰে ৷ ইয়াৰোপৰি বিজেপিৰ নেতৃত্বতহে অসম,অসমীয়া ভাষা আৰু গোৰ্খা জাতিটো সুৰক্ষিত বুলি মন্তব্য কৰে সদ্য বিজেপি সদস্য গৰাকীয়ে ।