অসম

assam

দুৰ্নীতি ৰোধৰ দাবী লৈ অৰুণাচলৰ পৰা দিল্লীলৈ পদযাত্ৰা AAC ৰ

By

Published : Aug 24, 2022, 8:44 PM IST

Arunachal Against Corruption নামৰ সংগঠনটোৱে ইটানগৰৰ আই জি পাৰ্কৰ পৰা 17 আগষ্টত আৰম্ভ কৰে উক্ত পদযাত্ৰা ৷ বুধবাৰে দলটো বিশ্বনাথ চাৰিআলিত উপস্থিত হয় (AAC foot march to Delhi) । দুৰ্নীতিৰ অভিযোগ তুলি অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীক অতিশীঘ্ৰে অপসাৰণ কৰাৰ দাবী সংগঠনটোৰ (Allegation of corruption against Pema Khandu) ৷

AAC foot march to Delhi
AAC foot march to Delhi

বিশ্বনাথ, 24 আগষ্ট :অৰুণাচল প্ৰদেশত ব্যাপক দুৰ্নীতি চলি থকাৰ অভিযোগেৰে (Corruption in Arunachal) নতুন দিল্লীস্থিত প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ পদযাত্ৰা কৰিছে অৰুণাচল প্ৰদেশৰ ইটানগৰৰ এটা সংগঠনে (AAC foot march to Delhi)। Arunachal Against Corruption নামৰ সংগঠনটোৱে ইটানগৰৰ আই জি পাৰ্কৰ পৰা 17 আগষ্টত আৰম্ভ কৰে উক্ত পদযাত্ৰা ৷ বুধবাৰে দলটো বিশ্বনাথ চাৰিআলিত উপস্থিত হয় (AAC protesters in Biswanath)।

দুৰ্নীতি ৰোধৰ দাবী লৈ অৰুণাচলৰ পৰা দিল্লীলৈ পদযাত্ৰা AAC ৰ

অৰুণাচল চৰকাৰৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নেতৃত্বত ৰাজ্যখনত অবাধ দুৰ্নীতি চলি থকাৰ অভিযোগ (Allegation of corruption against Pema Khandu) তুলি সংগঠনটো উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৷ তাৰ পাছতো কোনো সুফল লাভ নকৰাত দেশৰ প্ৰধানমন্ত্ৰীক উক্ত বিষয়টো দৃষ্টিগোচৰ কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবীৰে উক্ত পদযাত্ৰা আৰম্ভ কৰিছে AAC য়ে । অৰুণাচল প্ৰদেশৰ ইটানগৰৰ পৰা পদযাত্ৰা আৰম্ভ কৰা দলটোত ১৬ জনকৈ বিষয়ববীয়া আৰু সদস্যই অংশগ্ৰহণ কৰিছে ।

Arunachal Against Corruption নামৰ সংগঠনটোৰ সভাপতি তাৰহ তাহাৰ, উপ-সভাপতি পামচু তালক মাৰু আৰু সাধাৰণ সম্পাদক কাকপে লম্বিৰ নেতৃত্বত আগবাঢ়িছে প্ৰতিবাদী দলটো ৷ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সমূহ হৈছে-

  • সম্পূৰ্ণ গ্ৰামীণ ৰোজগাৰ যোজনাৰ ৬৮ কোটি টকাৰ কেলেংকাৰী
  • শক্তি বিভাগৰ দীনদয়াল উপাধ্যায় গ্ৰামীণ জ্যোতি যোজনাৰ ১৪২ কোটিৰ কেলেংকাৰী
  • পঞ্চায়তীৰাজ আঁচনিৰ ৮৮৯ কোটিৰ কেলেংকাৰী
  • মাইনিং আৰু মিনাৰেল বিভাগৰ ৩২ কোটিৰ কেলেংকাৰী
  • Compensatory Afforestation ফাণ্ডৰ ৫৮৮ কোটিৰ কেলেংকাৰী
  • হাইড্ৰ'পাৱাৰ বিভাগৰ ১৪০০ কোটিৰ কেলেংকাৰী

প্ৰধানমন্ত্ৰীৰ নতুন দিল্লীস্থিত কাৰ্যালয়লৈকে পদযাত্ৰা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা সংগঠনটোৰ মূল দাবী সমূহ হৈছে-

  • অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীক অতিশীঘ্ৰে অপসাৰণ কৰা
  • উক্ত কেলেংকাৰীত জড়িত চৰকাৰী বিষয়াক বৰ্খাস্ত কৰা
  • ৰাজনৈতিক নেতা সকলক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰা আৰু উক্ত কেলেংকাৰীৰ চিবিআই তদন্ত কৰা ৷

লগতে পঢ়ক:অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত দিল্লীলৈ প্ৰতিবাদী সমদল AAC ৰ

ABOUT THE AUTHOR

...view details