অসম

assam

চতিয়াত আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত কনমাণিসকলৰ প্ৰতিভা প্ৰদৰ্শন

By

Published : Apr 8, 2021, 8:58 PM IST

চতিয়াৰ বিশেষ আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰত কনমাণি আৱাসিকসকলে বৃত্তিমূলক আৰু সমৰকলাৰ নিজ নিজ প্ৰতিভা প্ৰদৰ্শন কৰে ৷ কনমাণিসকলে আধুনিক নৃত্য, বিহু নৃত্য, বড়ো নৃত্য আদিকে ধৰি যোগাসনৰ বিভিন্ন কৌশলৰ লগতে সমৰকলাৰ বিভিন্ন কৌশল প্ৰদৰ্শন কৰে ৷ আৱাসিক কেন্দ্ৰৰ এই কনমাণিসকলৰ প্ৰদৰ্শিত প্ৰতিভা প্ৰদৰ্শন কৰি সভাত উপস্থিত বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্তৰ লগতে আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ বিষয়াসকল আপ্লুত হয় ৷

চতিয়াত আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত কনমাণিসকলৰ প্ৰতিভা প্ৰদৰ্শন
চতিয়াত আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত কনমাণিসকলৰ প্ৰতিভা প্ৰদৰ্শন

চতিয়া,৮ এপ্ৰিল: ’আমি হ’ম হ’মেই সফল’ এজাক কনমাণিৰ কণ্ঠত মুখৰিত হ’ল চতিয়া বিশেষ আৱাসিক(বালিকা) প্ৰশিক্ষণ কেন্দ্ৰ ৷ বুধবাৰে অনুষ্ঠিত হোৱা চতিয়া আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত ২০২০-২১ বৰ্ষৰ বৃত্তিমূলক আৰু সমৰকলা প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত আৱাসিক কনমাণিসকলে নিজ নিজ প্ৰতিভা প্ৰদৰ্শন কৰে ৷ কনমাণিসকলৰ মনত আছে অদম্য হেপাঁহ, সপোন আছে আগুৱাই যোৱাৰ ৷ এইসকল কনমাণিয়ে বিশেষ কাৰণবশতঃ শিক্ষাৰ পৰা বঞ্চিত হৈছিল যদিও অসম চৰকাৰৰ সৰ্বশিক্ষা মিচনৰ বিশেষ আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰত বিশেষভাৱে প্ৰশিক্ষণ দিয়াই শিক্ষাৰ লগতে নিজ নিজ প্ৰতিভা বিকাশৰ বাবে সুযোগ প্ৰদান কৰা হৈছে ৷

চতিয়াত আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত কনমাণিসকলৰ প্ৰতিভা প্ৰদৰ্শন

বুধবাৰে চতিয়াৰ এই বিশেষ আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰত কনমাণি আৱাসিকসকলে বৃত্তিমূলক আৰু সমৰকলাৰ নিজ নিজ প্ৰতিভা প্ৰদৰ্শন কৰে ৷ কনমাণিসকলে আধুনিক নৃত্য, বিহু নৃত্য, বড়ো নৃত্য আদিকে ধৰি যোগাসনৰ বিভিন্ন কৌশলৰ লগতে সমৰকলাৰ বিভিন্ন কৌশল প্ৰদৰ্শন কৰে ৷ আৱাসিক কেন্দ্ৰৰ এই কনমাণিসকলৰ প্ৰদৰ্শিত প্ৰতিভা প্ৰদৰ্শন কৰি সভাত উপস্থিত বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্তৰ লগতে আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ বিষয়াসকল আপ্লুত হয় ৷ আৱাসিক কনমাণিৰ বৃত্তিমূলক প্ৰদৰ্শনী প্ৰদৰ্শন কৰে অতিৰিক্ত উপায়ুক্ত সূৰ্য্যকমল বৰাই ৷ বুধবাৰৰ এই অনুষ্ঠানত সদ্যহতে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিবলৈ সক্ষম হোৱা সমৰকলাবিদ পদ্ম জায়ৰুৰ আৰু তেওঁৰ প্ৰশিক্ষাৰ্থীৰ দ্বাৰা এক সমৰকলা কৌশল প্ৰদৰ্শন কৰা হয় ৷ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ভৱিষ্যতে এই আৱাসিক কেন্দ্ৰই কিছুমান সুবিধাৰ পৰা বঞ্চিত হৈ থকা শিশুসলকৰ সমস্যা নিৰ্মূল কৰাৰ প্ৰয়াস হাতত লোৱাৰ কথা সদৰি কৰে ৷

লগতে পঢ়ক: কামপুৰ ৰাস পথাৰত বহাগী মেলাৰ আয়োজন

ABOUT THE AUTHOR

...view details