বিশ্বনাথ,১০ মে' : এফালে বাৰিষা সমাগত আনফালে বিশ্বনাথ ঘাটৰ পানপুৰ মথাউৰিৰ কাষত খহনীয়াৰ কাল ৰূপ । বিশ্বনাথৰ মথাউৰিটোৰ দুবছৰেও সম্পূৰ্ণ নহ'ল জি'অ মেটৰ কাম । মথাউৰিটোৰ সুৰক্ষাৰ বাবে মথাউৰিৰৰ দাঁতিত পৰা জিঅ'মেটৰ কাম আৰম্ভ হ'ল ঠিকেই কিন্তু আজিও সম্পূৰ্ণ নহ'ল মথাউৰি নিৰ্মাণৰ কাম ।ঠায়ে ঠায়ে এতিয়াও পৰা নহ'ল জিঅ'মেট ৷ দুবছৰ ধৰি ঠিকাদাৰে সম্পূৰ্ণ নকৰিলে জিঅ'মেটৰ কাম ৷ ফলত বাৰিষাৰ বানে যিকোনো মূহুৰ্ততে খহাই নিব পাৰে এই মথাউৰিটো ৷ ইয়াৰ উপৰিও মথাউৰিটোৰ কাষত নৈৰ পাৰত বাস কৰা লোক সকলৰ জীৱনৰ প্ৰতিও এতিয়া আহিছে চৰম ভাবুকি ৷ নৈৰ কাল ৰূপে এতিয়া মথাউৰিটোৰ পৰা খহাই নিছে চপৰা চপৰে মাটি ৷ খহনীয়াত জাহ যোৱাৰ উপক্ৰম ঘটিছে কেইবাটাও মছজিদৰ লগতে কেইবাখনো বিদ্যালয় ৷
কিমান সুৰক্ষিত বিশ্বনাথবাসী !
মথাউৰিৰ কাষত খহনীয়াৰ কাল ৰূপ ! দুবছৰেও সম্পূৰ্ণ নহ'ল জিঅ'মেটৰ কাম ।
কিমান সুৰক্ষিত বিশ্বনাথবাসী !
উল্লেখ্য যে, ২০১২ চনত এই বিশ্বনাথ ঘাটৰ পানপুৰ মথাউৰিৰ বহু অংশ ব্ৰহ্মপুত্ৰই খহাই নিয়াত বিশ্বনাথ ,চতিয়া ,আৰু জামুগুৰিহাটৰ প্ৰায় ২ সহস্ৰাধিক গাওঁ পানীৰ তলত বুৰ গৈছিল যাৰ বাবে হাজাৰ হাজাৰ পশু ধন তথা মানৱ সম্পদৰ যথেষ্ট ক্ষতি সাধন হৈছিল । ৰাজ্য চৰকাৰ আৰু জলসম্পদ বিভাগৰ হেমাহিৰ বাবেই আজিও সুৰক্ষিত নহয় মথাউৰিটো ৷ যাৰ বাবে এতিয়া জলসম্পদ বিভাগে দায়সৰা মন্তব্য দিয়াৰ অভিযোগ তুলিছে স্থানীয় ৰাইজ তথা দল সংগঠনসমূহে ।