বিশ্বনাথ,24 ফেব্ৰুৱাৰী:মঙলবাৰে বিশ্বনাথত অসম জাতীয় পৰিষদৰ জাতীয় জাগৰণ সমাৱেশ অনুষ্ঠিত হয় । বিশ্বনাথৰ গড়েহাগিৰ কমলাকান্ত নাট্য সমাজৰ প্ৰেক্ষাগৃহত জাতীয় পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি অমৃত কুমাৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপ-সভাপতি চিত্ৰ বসুমতাৰী, মহিলা সমিতিৰ উপ-সভানেত্ৰী লাৱণ্য হাজৰিকা, যুটীয়া সম্পাদক জান বৰা, বিশ্বনাথৰ উপদেষ্টা অপূৰ্ব কুমাৰ দাসকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
ইপিনে উক্ত সভাতে লুৰিণজোতি গগৈয়ে বিজেপিক তীব্ৰ সমালোচনা কৰি কয় যে, বিজেপি চৰকাৰ এখন মিছলীয়া চৰকাৰ । চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি ব্যাপক দুৰ্নীতি সংঘটিত কৰি আহিছে । ৰাইজৰ ধনৰ সদ ব্যৱহাৰ নকৰি আঁচনিৰ জৰিয়তে বিজেপিৰ নেতা-কৰ্মীসকলৰ পকেট গৰম হৈছে ৷