বিশ্বনাথ,১৭ মে':বৰষুণৰ অভাৱত বিহালীত বিঘাই বিঘাই কৃষি ভূমি নষ্ট । পানীৰ অভাৱত কৃষকৰ পানীত হাঁহ নচৰা অৱস্থা । বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বুৰৈগুৰি ৰৌমাৰীৰ ৩ নং বটিয়ামাৰী নিবাসী চিৰঞ্জীৱ বৰা (ওৰফে নাকে) নামৰ খেতিয়কজনে প্ৰায় ১০ বিঘা মাটিত গোমধান, ২ বিঘা মাটিত বেঙেনা, ২ বিঘা মাটিত লেচেৰা মাহৰ লগতে বিভিন্ন শাক-পাচলিৰ খেতি কৰিছিল ৷ কিন্তু বতৰ খৰাং হোৱাত পানীৰ অভাৱৰ ফলত কৃষক গৰাকীৰ ১০ বিঘা মাটিৰ গোমধান শুকাই যোৱাৰ লগতে আন আন শাক-পাচলিৰ খেতি নষ্ট হোৱা পৰিলক্ষিত হয় ।
বৰষুণৰ অভাৱত বিহালীত বিঘাই বিঘাই কৃষি ভূমি নষ্ট - agricultural ruined in Bihali
বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ চিৰঞ্জীৱ বৰা নামৰ খেতিয়কজনৰ বতৰ খৰাং হোৱাত পানীৰ অভাৱৰ ফলত কৃষক গৰাকীৰ ১০ বিঘা মাটিৰ গোমধান শুকাই যোৱাৰ লগতে আন আন শাক-পাচলিৰ খেতি নষ্ট হয় ৷
বৰষুণৰ অভাৱত বিহালীত বিঘাই বিঘাই কৃষি ভুমি নষ্ট
উল্লেখ্য যে, কৃষকজনে প্ৰায় ২৫-৩০ হাজাৰ টকা খৰচ কৰি খেতি কৰিছিল । সেয়েহে এতিয়া কৃষকজনে অসম চৰকাৰক পানী যোগানৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনাইছে ৷
লগতে পঢ়ক:মুখ্যমন্ত্ৰীলৈ পত্ৰযোগে কি পৰামৰ্শ দিলে ৰিপুণ বৰাই