অসম

assam

ETV Bharat / state

অস্ত্ৰোপচাৰ কৰা পত্নীক নিৰ্যাতনঃ পলাতক স্বামী

শফিউৰ ৰহমান নামৰ ব্যক্তি গৰাকীয়ে 14 বছৰ পূৰ্বে ছালেমা খাতুন নামৰ মহিলা গৰাকীৰ সৈতে বিবাহ-পাষত আবন্ধ হয় ৷ কিন্তু বিয়াৰ পাচৰে পৰা দুই সন্তানৰ মাতৃ ছালেমা খাতুনক যৌতুকৰ দাবী কৰি শাৰীৰিক তথা মানসিকভাৱে নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে

By

Published : Jun 30, 2019, 9:24 PM IST

কলগাছিয়াৰ মোনাকাশাত বোৱাৰী নিৰ্যাতন

জনীয়া, 30 জুন: জনীয়া সমষ্টিৰ কলগাছিয়াৰ মোনাকাশাত বোৱাৰী নিৰ্যাতন । শফিউৰ ৰহমান নামৰ ব্যক্তি গৰাকীয়ে 14 বছৰ পূৰ্বে বিবাহ-পাষত আবন্ধ হয় ৷ কিন্তু বিয়াৰ পাচৰে পৰা যৌতুকৰ দাবী কৰি শাৰীৰিক তথা মানসিকভাৱে নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন কৰে ব্যক্তি গৰাকীৰ পত্নীয়ে ৷ আনহাতে, বিগত 13 জুনত শফিউৰ ৰহমানৰ পত্নীয়ে অস্ত্ৰোপচাৰ কৰাৰ পাচতো বেয়াকৈ মাৰধৰ কৰে ৷ ফলত পুনৰ চিকিৎসালয়ত চিকিৎসাধীন হ'ব লাগে অভিযুক্ত স্বামী শফিউৰ ৰহমানৰ পত্নী ৷ যাৰ বাবে উপায়ন্তৰ হৈ পত্নীগৰাকীয়ে কলগাছিয়া আৰক্ষী থানাত দেওবাৰে এজাহাৰ দাখিল কৰে । আনহাতে, পত্নীয়ে থানাত এজাহাৰ দাখিল কৰাৰ পাচতে ঘৰৰ পৰা পলায়ন কৰে স্বামী শফিউৰ ৰহমান ৷

কলগাছিয়াৰ মোনাকাশাত বোৱাৰী নিৰ্যাতন

ABOUT THE AUTHOR

...view details