অসম

assam

ETV Bharat / state

বৰপেটাৰোডত চি পি আই এমৰ বিশাল পদযাত্ৰা

ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসৰ গৃহ চহৰ বৰপেটা ৰোডত চি পি আই এমে উৰুৱালে লাল ঝাণ্ডা ৷ পদযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰি বিজেপিৰ বিৰুদ্ধে কঠোৰ আক্ৰণাত্মক হৈ পৰে চি পি আই এমৰ নেতা কৰ্মী ৷

walking-protest-by-cpim-at-barpetaroad
বৰপেটাৰোডত চি পি আই এমৰ বিশাল পদযাত্ৰা

By

Published : Jan 30, 2021, 4:24 PM IST

বৰপেটাৰোড,30 জানুৱাৰী: সমাগত 2021 ৰ অসম বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনক লৈ এতিয়া ভীষণ ব্যস্ত হৈ পৰিছে ৰাজ্যখনৰ প্ৰতিটো সৰু-বৰ ৰাজনৈতিক দল ৷ শাসকীয় বিজেপি মিত্ৰজোট চৰকাৰে ন-ন- আঁচনি আৰু আধাৰশিলাৰে ৰাজ্যত এক প্ৰকাৰৰ চমক সৃষ্টি কৰি থকা সময়ছোৱাত কিন্তু পিছ পৰি ৰোৱা নাই বিৰোধী দল সমুহ ৷ বিজেপিৰ সমানেই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ লগতে ৰাজ্যত নতুনকৈ জন্ম লাভ কৰা প্ৰতিটো ন-ৰাজনৈতিক দল ৷ ইয়াৰ মাজতে শনিবাৰে চি পি আই এমৰ বৰপেটাৰোড আঞ্চলিক কমিটিৰ উদ্যোগত বৰপেটা ৰোডত ৰূপায়ন কৰা হয় বিশাল পদযাত্ৰা কাৰ্যসূচী ৷ পদযাত্ৰা কৰি উলিওৱা গণ মিছিলত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে চিপিআইএম নেতা মনোৰঞ্জন তালুকদাৰে ৷ নেতা গৰাকীয়ে কয় যে,"বিগত 2016 চনৰ নিৰ্বাচনত বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল বিজেপি ক্ষমতালৈ আহিলে ভোটাৰ তালিকাৰ পৰা ডি ভোটাৰ উঠাই দিব ৷ কিন্তু নতুনকৈ প্ৰকাশ পোৱা ভোটাৰ তালিকাত 14 হাজাৰ ভাৰতীয় নাগৰিকক ডি ভোটাৰ হিচাপে চিহ্নিত কৰি বিজেপিয়ে উক্ত 14 হাজাৰ ভাৰতীয় নাগৰিকৰ ভোটাধিকাৰ খৰ্ব কৰাৰ ব্যৱস্থা কৰিছে ৷ ইফালে ডিটেনচন কেম্প উঠাই দিয়াৰ প্ৰতিশ্ৰুতি দি ক্ষমতা দখল কৰা বিজেপি চৰকাৰে নামনি অসমৰ গোৱালপাৰাত 45 কোটি টকাৰে এছিয়া মহাদেশৰ ভিতৰত সৰ্ববৃহৎ ডিটেনচন কেম্প নিৰ্মাণ কৰিছে "৷

বৰপেটাৰোডত চি পি আই এমৰ বিশাল পদযাত্ৰা

বিজেপিয়ে প্ৰকৃত ভাৰতীয় নাগৰিকক অনাহকত বিদেশী সজাই ডিটেনচন কেম্পত আৱদ্ধ কৰি ৰখা বুলি উল্লেখ কৰে চিপিআইএম নেতা মনোৰঞ্জন তালুকদাৰে ৷ লগতে ডিটেনচন কেম্পত বৰপেটাৰোডৰ দুজনকৈ লোকে মৃত্যুক আকোৱালি লোৱা ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় বিজেপিয়ে তেওলোকৰ প্ৰতিশ্ৰুতি ৰক্ষা নাই বুলি ক্ষোভ প্ৰকাশ কৰে চি পি আই এম নেতা গৰাকীয়ে ৷ তাৰোপৰি এন আৰ চিক লৈয়ো বিজেপিয়ে জগন্যতম কাম কৰাৰ কথা দোহাৰি, এন আৰ চিৰ পৰাও বহু প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম বাদ পৰিছে বুলি মন্তব্য কৰে চি পি আই এম নেতা গৰাকীয়ে ৷ এন আৰ চিৰ পৰা বাদপৰা লোক সকলৰ নাম এন আৰ চিত পুনৰ সন্নিৱিষ্ট কৰাৰ বাবে বিজেপিয়ে তিলমানো চেষ্টা নকৰিলে বুলিও অভিযোগ তুলিছে মনোৰঞ্জন তালুকদাৰে ৷ অসমৰ ৰাইজে বিদেশী সমস্যাৰ স্থায়ী সমাধান বিচৰি এখন শুদ্ধ এন আৰ চি কামনা কৰিছিল যদিও বিজেপিয়ে এন আৰ চি খনকে খেলিমেলি কৰি ভাৰতীয় নাগৰিকক বিদেশী সজোৱাৰ চক্ৰান্তত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে চি পি আই এম নেতা মনোৰঞ্জন তালুকদাৰে ৷

লগতে পঢ়কঃপ্ৰকৃততে 26 জানুৱাৰীত দিল্লীত কি হৈছিল ?

ABOUT THE AUTHOR

...view details