অসম

assam

ETV Bharat / state

ই-ৰিক্সালৈ দিন দুপৰতে চুৰি কৰিবলৈ গৈ আটক চোৰ

সলনি হৈছে চোৰৰ চুৰিৰ কৌশল ৷ নিশাৰ আন্ধাৰৰ পৰিৱৰ্তে এতিয়া দিন দুপৰতে গৰাকীৰ দৰে সকলোৰে সন্মুখত সম্পতি কঢ়িয়াই চুৰিৰ চেষ্টা চোৰৰ ৷

thief-caught-red-handed-at-barpeta
ই ৰিক্সালৈ দিন দুপৰতে চুৰি কৰিবলৈ গৈ আটক চোৰ

By

Published : Nov 7, 2021, 4:52 PM IST

বৰপেটা, 7 নৱেম্বৰ :বৰপেটাৰ সুন্দৰীদিয়াত শনিবাৰে দিন দুপৰতে চোৰে চলালে চাফাই অভিযান ৷ সুন্দৰীদিয়াত এটা নিৰ্মীয়মান অট্টালিকাত ব্যৱহাৰৰ বাবে অনা লোহাৰৰ ৰ'ড চুৰি কৰে দুই চোৰে ৷ স্থানীয় লোকে তৎপৰতাৰে এটা চোৰ আটক কৰে যদিও আনটো চোৰ পলায়ন কৰিবলৈ সক্ষম হয় ৷

ই ৰিক্সালৈ দিন দুপৰতে চুৰি কৰিবলৈ গৈ আটক চোৰ

স্থানীয় লোকে আটক কৰা চোৰটো বৰপেটাৰ সনকুছি কলনিৰ আৰিফুল ইছলাম বুলি জানিব পৰা হৈছে ৷ এখন ই-ৰিক্সাৰে আহিছিল দুই চোৰ ৷ অট্টালিকাটোৰ সন্মুখত ই-ৰিক্সাখন ৰাখি নিৰ্বিঘ্নে লোহাৰৰ ৰ'ডসমূহ বোজাই কৰি আছিল চোৰ দুটাই ৷ তেনে সময়তে স্থানীয় লোকে সন্দেহবশতঃ সোধপোছ কৰি আটক কৰে চোৰ দুটাক ৷

চোৰ দুটাৰ চুৰি কৰাৰ নতুন কৌশলক লৈ অঞ্চলটোৰ লোকসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ স্থানীয় লোকে চোৰ দুটাক আটক কৰি ই-ৰিক্সাসহ আৰক্ষীক গটাই দিয়া বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :নলবাৰীৰ মাজমজিয়াত চোৰৰ টিঘিলঘিলনি : আৰক্ষীক দেখি পলায়ন

ABOUT THE AUTHOR

...view details