অসম

assam

ETV Bharat / state

সৰভোগত টিন ভাঙি লুটি নিলে ছয় লক্ষাধিকৰ সামগ্ৰী

সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত খৰিচালা বজাৰত মোবাইল আৰু কাপোৰৰ দোকানৰ পৰা নিশা টিনপাত ভাঙি চোৰে প্ৰায় ছয় লক্ষাধিক টকাৰ সামগ্ৰী লুটি নিয়া ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । দেওবাৰে দোকানৰ স্বত্বাধিকাৰীয়ে দোকান খোলাৰ পাচতে পোহৰ লৈ আহে সমগ্ৰ ঘটনা ৷

By

Published : Mar 31, 2019, 7:14 PM IST

বৰপেটা চুৰিকাণ্ড

বৰপেটা, 31মাৰ্চঃ বৰপেটা সৰভোগত শনিবাৰে নিশা সংঘটিত হয় চুৰিকাণ্ড । চোৰে লুটি নিলে প্ৰায় ছয় লক্ষাধিক টকাৰ সামগ্ৰী। সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত খৰিচালা বজাৰত মোবাইল আৰু কাপোৰৰ দোকানৰ পৰা নিশা টিনপাত ভাঙি চোৰে প্ৰায় ছয় লক্ষাধিক টকাৰ সামগ্ৰী লুটি নিয়া ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । দেওবাৰে দোকানৰ স্বত্বাধিকাৰীয়ে দোকান খোলাৰ পাচতে পোহৰ লৈ আহে সমগ্ৰ ঘটনা । কাপোৰৰ দোকানত থকা চিচি কেমেৰাও চুৰি কৰি লৈ যায় চোৰে । ঘটনা সংক্ৰান্তত ইতিমধ্যে সৰভোগ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে ৷

সৰভোগত টিন ভাঙি লুটি নিলে ছয় লক্ষাধিকৰ সামগ্ৰী

ABOUT THE AUTHOR

...view details