অসম

assam

ETV Bharat / state

সমষ্টি পৰিভ্ৰমণ ৰণজিৎ কুমাৰ দাসৰ

পঞ্চায়ত ব্যৱস্থাক অধিক গতিশীল কৰাৰ উদ্দেশ্যে শীঘ্ৰে নিযুক্তি দিয়া হব স্বতন্ত্ৰ এচিএছ বিষয়া ৷ পাটাছাৰকুছি সমষ্টিত উপস্থিত হৈ এই মন্তব্য কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

Ranjit kumar das present in patasarkushi constituency
পাটাছাৰকুছি সমষ্টিত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

By

Published : Jul 11, 2021, 9:47 AM IST

পাঠশালা, 11 জুলাই :নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি 'ৰণজিৎ কুমাৰ দাস ৰাইজৰ সুখতো থাকিব দুখতো থাকিব' ৷ক’ভিডকে ধৰি বিভিন্ন কাৰণত মৃত্যু হোৱা পাটাছাৰকুছি সমষ্টিৰ বিভিন্ন লোকৰ ঘৰত উপস্থিত হৈ পৰিয়ালক সমাবেদনা জ্ঞাপন কৰে স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাসে । ইয়াৰ পিছতে সাংবাদিকৰে সৈতে হোৱা সাক্ষাতকাৰত দাসে অখিল গগৈয়ে সৰভোগত মুখ্যমন্ত্ৰীৰ ভাষ্যৰ অপবাখ্যা কৰাৰ কথা প্ৰকাশ কৰে ৷ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে পঞ্চায়ত ব্যৱস্থাক অধিক গতিশীল কৰাৰ উদ্দেশ্যে ৰণজিৎ কুমাৰ দাসে স্বতন্ত্ৰ এচিএছ বিষয়াক শীঘ্ৰে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব বুলি প্ৰকাশ কৰে ।

পাটাছাৰকুছি সমষ্টিত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

আনহাতে, অখিল গগৈয়ে কৰা মন্তব্যত গুৰুত্ব নিদিয়াৰ লগতে জন প্ৰতিনিধিসকলক সমালোচনা ৰাইজেহে কৰিব বুলি সংবাদ মাধ্যমৰ আগত জনায় ৰণজিৎ কুমাৰ দাসে ৷ মন্ত্ৰী সঞ্জয় কিষাণ সন্দৰ্ভতো মন্তব্য আগবঢ়ায় মন্ত্ৰী ৰণজিৎ দাসে ৷ তদুপৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্যিক বিজেপিৰ সভাপতিৰ পদত থাকোতে বহু বিষয়ত তদন্ত কৰা বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক:মৰিগাঁও ধৰ্ষণ আৰু হত্যাৰ গোচৰ: পাঠাক লৈ চৰজমিন তদন্ত আৰক্ষীৰ

ABOUT THE AUTHOR

...view details