বৰপেটা, ৩মাৰ্চ: দেওবাৰে বজালীৰ ৰিহাবাৰীত মাদকদ্ৰব্য সেৱন, জুৱাআৰুতীৰ খেলৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদী সমদল । ৰিহাবাৰী আঞ্চলিক উন্নয়ন সমিতি আৰু ৰিহাবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে জননী মহিলা সমিতিৰ সহযোগত এই প্ৰতিবাদী সমদলটো উলিওৱা হয় । ইপিনে অঞ্চলটোত দিনক দিনে নিচাযুক্ত সামগ্ৰীৰ প্ৰচলনৰ লগতে জুৱা আৰু তীৰ খেলৰ প্ৰকোপ বহু গুণে বৃদ্ধি পোৱাৰ অভিযোগত দেওবাৰে এইদৰে প্ৰতিবাদকাৰীসকল সৰৱ হৈ পৰে ।
বজালীত মদ-জুৱাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদী সমদল
মহকুমা প্ৰশাসনৰ ওচৰত উচিত ব্যৱস্থা গ্ৰহণৰ দাবী
ৰাইজৰ প্ৰতিবাদী সমদল
উল্লেখ্য যে বিভিন্ন অসামাজিক উৎপীড়ন, অত্যাচাৰ ৰোধ কৰাৰ দাবীত ৰাইজে প্ৰতিবাদী সমদল উলিওৱাৰ লগতে এক সজাগতা সভাৰো আয়োজন কৰে ।