1.সাংবাদিক মাৰিয়া ৰেছা আৰু দিমিত্রি মুৰাটভলৈ শান্তিৰ নোবেল বঁটা
ঘোষণা কৰা হ’ল 2021 বৰ্ষৰ শান্তিৰ নোবেল বঁটা ৷ এই বৰ্ষৰ শান্তিৰ নোবেল বঁটা ফিলিপাইনছৰ মাৰিয়া ৰেছা আৰু ৰাছিয়াৰ দিমিত্রি মুৰাটভক প্ৰদান কৰা হৈছে ।
2.ৰাজকন্যাক আই চি ইউত মই ৰখা নাছিলোঁ : ডাঃ নভনীল বৰুৱা
শুকুৰবাৰে দিছপুৰ থানাত হাজিৰ হয় জি এন আৰ চিৰ চিকিৎসক ডাঃ নভনীল বৰুৱা ৷ ৰাজকন্যা বৰুৱাক ভুৱা স্বাস্থ্য প্ৰমাণ পত্ৰৰে আই চি ইউত ভৰ্তিৰ সুবিধা কৰি দিয়াৰ অভিযোগ ডাঃ বৰুৱাৰ ওপৰত ৷
3.সুশান্ত বৰগোঁহাইৰ মনোনয়ন দাখিল : ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব প্ৰত্যাহ্বান
উপ-নিৰ্বাচন দুৱাৰ দলিত । অসমৰ আন আন সমষ্টিৰ দৰে থাওৰা সমষ্টিটো গৰম হৈছে নিৰ্বাচনী বতাহ । বৃহস্পতিবাৰে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ পাচত আজি কংগ্ৰেছ দল এৰি বিজেপি দললৈ যোৱা সুশান্ত বৰগোঁহাইয়ে দাখিল কৰিছে মনোনয়ন ৷ সমস্ত শক্তি প্ৰদৰ্শন কৰি শুকুৰবাৰে বিজেপি দলে ১০৭ নং থাওৰা সমষ্টিৰ উপ-নিৰ্বাচনৰ মনোনয়ন দাখিল কৰে ৷
4.উপ-নিৰ্বাচন : মৰিয়নীত মনোনয়ন দাখিল কৰিব তিনি প্ৰাৰ্থীয়ে
মৰিয়নী বিধানসভা সমষ্টি(Mariani Constituency)ৰ উপ-নিৰ্বাচন(By Election)ৰ বাবে শুকুৰবাৰে মনোনয়ন(Nomination) পত্ৰ দাখিল কৰিব সমষ্টিটোত প্ৰাৰ্থিত্ব আগবঢ়োৱা তিনিগৰাকী প্ৰাৰ্থীয়ে । বিজেপিৰ ৰূপজ্যোতি কুৰ্মী(Rupjyoti Kurmi), কংগ্ৰেছৰ লোহিত কোঁৱৰ(Lohit Konwar) আৰু ৰাইজৰ দলৰ সঞ্জীৱ গগৈ(Sanjib Gogoi)য়ে দাখিল কৰিব এই মনোনয়ন পত্ৰ ৷
5.মুখ্যমন্ত্রীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিলে বিধায়ক শ্বেৰমান আলীক
বিধায়ক পুঁজি আত্মসাতৰ অভিযোগত মুখ্যমন্ত্রীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিলে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ(Sherman Ali Ahmed)ক । গ্ৰেপ্তাৰৰ পিছতে বিশেষ আদালত হাজিৰ কৰোৱা হয় বিধায়কগৰাকীক । পূৰ্বে শ্বহীদক লৈ অপমানজনক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান আলী আহমেদ ।