জনীয়া,28 মাৰ্চ:প্ৰায় দহ হাজাৰ ভোটৰ ব্যৱধানত অসম বিধানসভা নিৰ্বাচনত জয়লাভ কৰিব বুলি দাবী কৰিছে 44 নং জনীয়া বিধানসভা সমষ্টিৰ নেচনেল ৰিপাব্লিক কংগ্ৰেছ দলৰ প্ৰাৰ্থী মাজিদুল ইছলামে ৷ সমষ্টিটোত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰাৰ্থী গৰাকীয়ে এই মন্তব্য কৰে ৷
দহ হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰাটো নিশ্চিত বুলি দাবী কৰি ইছলামে লগতে কোনো প্ৰাৰ্থীৰ সৈতে তেওঁৰ প্ৰতিদ্বন্দ্বিতা নহয় বুলিও মন্তব্য কৰে ৷ বিভিন্ন দলৰ বিধায়কে এইবাৰ চৰকাৰ গঠনত নিৰ্ণায়ক ভূমিকা পালন কৰিব বুলি মন্তব্য কৰি ৰাইজে এইবাৰ তেওঁকেই ভোট দিব বুলিও তেওঁ মত প্ৰকাশ কৰে ৷