বৰপেটা, 12 আগষ্ট : লোকসভা নিৰ্বাচনৰ বাবে ক্ৰমাৎ সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে AIUDFএ ৷ শনিবাৰে বদৰুদ্দিন আজমলৰ নেতৃত্বত বৰপেটাৰ কয়াকুছিত বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টি ভিত্তিত এক দলীয় কৰ্মশালা অনুষ্ঠিত হয় ৷ কয়াকুছিৰ দলীয় কৰ্মশালাত ভাগ লৈ আজমলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্ণাংগ তালিকা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷
তেওঁ কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া নিৰ্বাচন আয়োগে কৰিব লাগিছিল ৷ কিন্তু মুখ্যমন্ত্ৰীয়ে নিজে কৰিছে বুলি কৈ আছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণে মুছলমানৰ 10/11 টা সমষ্টি কমাই দিলে ৷ এই সমষ্টি পুনৰ নিৰ্ধাৰণ AIUDFএ নামানে বুলি মন্তব্য কৰে নেতাজনে ৷ লগতে হু ইজ অশোক সিংহল বুলিও প্ৰশ্ন কৰে সাংসদগৰাকীয়ে ৷
সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত বহু লোকচান হৈছে বুলি কয় নেতাজনে ৷ তেওঁ কয় যে, যি কংগ্ৰেছে মুছলমানৰ লাভ-লোকচানৰ কথা চিন্তা কৰে সেই কংগ্ৰেছে এতিয়া নিমাত আছে, কোনো প্ৰতিবাদ কৰা নাই ৷ কংগ্ৰেছে এই বিষয়ত মাত নমতাটো দুৰ্ভাগ্যৰ কথা বুলি উল্লেখ কৰে তেওঁ ৷ লগতে লুৰীণজ্যোতি গগৈ, অখিল গগৈ, অজিত ভূঞায়ো মাত মতা নাই বুলি মন্তব্য কৰি সেইসকল কিহৰ মুছলমানৰ লীডাৰ বুলি প্ৰশ্ন কৰে তেওঁ ৷ সাংসদ গৰাকীয়ে কয় যে, আমি নিজকে মুছলমানৰ লীডাৰ বুলি কোৱা নাই ৷ সমগ্ৰ অসমীয়া মানুহৰ স্বাৰ্থত AIUDFএ কাম কৰি আছে বুলি মন্তব্য কৰে তেওঁ ৷
চৰকাৰ হোৱা-নোহোৱাটো পিছৰ কথা; আমি কি খিলঞ্জীয়া নহয় নেকি বুলি প্ৰশ্ন কৰি সাংসদ গৰাকীয়ে কয় যে, তেওঁলোকে খিলঞ্জীয়াৰ লোকচান কৰিছে ৷ ইফালে লোকসভা নিৰ্বাচন সন্দৰ্ভত তেওঁ কয় যে, 3 সমষ্টিত প্ৰাৰ্থী দিব AIUDF এ ৷ তিনিটা সমষ্টিতেই AIUDF জিকিব বুলি উল্লেখ কৰে তেওঁ ৷ পৰৱৰ্তী সময়ত পৰিস্থিতি সাপেক্ষে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা সমষ্টিৰ সংখ্যা বাঢ়িবও পাৰে বুলি মন্তব্য কৰে আজমলে ৷