জনীয়া, 13 জুন : জনীয়া সমষ্টিৰ কলগাছিয়াত বুধবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ঘৰুৱা বিবাদক কেন্দ্ৰ কৰি দুৰ্বৃত্তৰ দলে এটা পৰিয়ালৰ লোকক মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
কলগাছিয়াত ঘৰুৱা বিবাদক কেন্দ্ৰ কৰি মাৰপিট
নিশা ভাৰাতীয়া গুণ্ডাই এটা পৰিয়ালৰ লোকক মাৰপিট কৰাৰ অভিযোগ ৷ গুৰুতৰ ভাৱে আহত 9 জনকৈ লোক ৷
জানিব পৰা মতে কলগাছিয়া গাঁৱৰ উৱাজেদুল ইছলামে যোৱা নিশা তেওঁৰ পত্নী দেলোৱাৰা খাতুনক ঘৰুৱা বিবাদক লৈ অত্যাচাৰ কৰিছিল ৷ সেয়ে পত্নী দেলোৱাৰা খাতুনৰ ভাতৃ মহিদুল খানে গাড়ী ভৰ্তি কৰি ভাৰাতীয়া গুণ্ডা বাহিনী লৈ, ভনী জোঁৱাই উৱাজেদুলৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোৰ আটাইকেইজন লোকক মাৰপিট কৰাৰ অভিযোগ দিয়ে উৱাজেদুলৰ পৰিয়ালৰ লোকে ৷ এই মাৰপিটৰ ঘটনাত পৰিয়ালটোৰ মমতাজ বেগম, মৰ্জিনা খাতুন, ৰফিকুল ইছলাম, জাকিৰ হুছেইন, উৱাজেদুল ইছলাম, ইমদাদুল হক, মাজিদুল ইছলাম, মকিবুল ইছলামকে ধৰি 9 জনকৈ লোক গুৰুতৰ ভাৱে আহত হয় ৷ আহত লোক কেইজনক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ইপিনে মাৰপিটৰ ঘটনাত জড়িত থকা গৰৈমাৰী পথাৰ আৰু ধানবান্দা গাৱঁৰ মাজিদুল খান, শুকুৰ আলী আৰু মহিদুল খান নামৰ তিনিজন লোকক কলগাছিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও মোজাম্মিল, মছজ্জাল আৰু মোমৰেজ খানকে ধৰি বহু কেইজন এতিয়াও পলাতক অৱস্থাত আছে ৷