বৰপেটা, ২৯ ছেপ্টেম্বৰ: বৰপেটাত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা(Minister Jayanta Malla Baruah) ৷ বৰপেটাৰ তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন দলীয় সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত জয়ন্ত মল্ল বৰুৱাই কৰিলে কেতবোৰ বিশেষ মন্তব্য । জয়ন্তমল্ল বৰুৱাই ক’লে, কংগ্ৰেছত মানুহ থাকিব পৰা পৰিৱেশ নাই । যিসকলক বেলেগ দলে লোৱা নাই সেই সকলহে বাধ্য হৈ কংগ্ৰেছত আছে ৷
জয়ন্ত মল্ল বৰুৱাই লগতে কয়, ‘‘কংগ্ৰেছে আত্ম বিশ্লেষণ কৰক ৷ ভূপেন বৰাই(APCC president Bhupen Bora) পঞ্চায়ত আৰু বি টি আৰ'ত টিকট দিয়াৰ বিনিময়তো টকা পইচা লয় ৷ সেইটো দলত কেনেকৈ মানুহ থাকিব? চৰকাৰে PFIক নিষিদ্ধ কৰাক সকলোৱে হৃদয়েৰে আদৰণি জনাইছে ৷ কিন্তু তেওঁলোকে (কংগ্ৰেছে) PFIৰ পক্ষতো মাত মাতিব বিচাৰে’’(Jayanta Mall Baruah criticises Bhupen Bora) ৷
সনাতন সংস্কৃতিক বিশ্বাস কৰা মানুহে PFIৰ সপক্ষে মাত মতা দলত থাকিব বিচাৰিব নেকি বুলিও প্ৰশ্ন কৰে জয়ন্ত মল্ল বৰুৱাই ৷ তেওঁ কয়, ‘‘তেওঁলোকে প্ৰথম মাটিৰ লগত মিলি লওক ৷ মাটিৰ মানুহে কি বিচাৰিছে সেইটো ভাবক ৷ কংগ্ৰেছে নিজৰ মানুহখিনি ধৰি ৰাখিব নোৱাৰে ৷ যিখিনি মানুহ আদৰ্শগত কাৰণত দেশখনক ভালপায়, জাতিটোক ভালপায়, জাতি আৰু দেশখনৰ বাবে কাম কৰাৰ ইচ্ছা আছে সেইখিনি মানুহ বেলেগ মঞ্চলৈ গৈ হ’লেও কাম কৰিব বিচাৰে ৷ কংগ্ৰেছে যি বুলিয়েই নকওক কিয় তেওঁলোকৰ কথাৰ কোনো গুৰুত্ব নাই’’ ৷