জনীয়া, 12 নবেম্বৰ :বৰপেটা জিলাৰ ৰূপসী শিক্ষা খণ্ডৰ অন্তৰ্গত লাচাংগা প্ৰী ছিনয়ৰ মাদ্ৰাছাৰ শিক্ষক ৰফিকুল ইছলামৰ কৰ্ম-কাণ্ডই সচেতন মহলৰ চকু কপালত তুলিছে । শিক্ষক ৰফিকুল ইছলামৰ পিতৃয়ে ইছলামৰ চাকৰিৰ স্বাৰ্থত মাদ্ৰাছাৰ নামত আধা বিঘা মাটি দান কৰিছিল । শিক্ষক ইছলামৰ পিতৃয়ে দান কৰা মাটিত মাদ্ৰাছা স্থাপন কৰে ।
উল্লেখনীয় বিষয়টো হ'ল যে, মাদ্ৰাছা খন চৰকাৰীকৰণ হোৱাৰ পাছতে শিক্ষক ৰফিকুলে পিতৃয়ে দান কৰা মাটি ঘূৰাই লোৱাৰ অভিযোগ উঠিছে । মাটি ঘূৰাই লোৱাই নহয় ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ পৰিবেশ বিনষ্ট কৰি মাদ্ৰাছাৰ চৌহদত টিন পাতেৰে বেৰা দি লাও, তৰৈ, উৰহী, জিকা আদিৰ গছ বগাবলৈ দিয়াৰ লগতে মাদ্ৰাছাৰ ঘৰৰ চালিত বগাইছে লাও গছ । টিনপাতেৰে বেৰা দিয়াৰ ফলত এক প্ৰকাৰ উশা বন্ধ হৈ পৰা ছাত্ৰ-ছাত্ৰী সকলে খেল-ধেমালিৰ পৰা বঞ্চিত হোৱাৰ লগতে বন্ধ হৈ পৰিছে প্ৰাতঃসভা ।