অসম

assam

ETV Bharat / state

কলগাছিয়াত প্ৰধানমন্ত্ৰী মোদীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ

কলগাছিয়াত মোদী চৰকাৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে আইন অমান্য আন্দোলনৰ আয়োজন । চি.আই.টি.ইউ.ৰ নেতৃত্বত কৃষি আইন বাতিলকৰণ আৰু এম.এছ.পি. প্ৰয়োগৰ দাবীত পথ অৱৰোধ কৰি প্ৰধান মন্ত্ৰীৰ পুত্তলিকা দাহ প্ৰতিবাদকাৰীৰ ।

kalgachia-pm-effigy-burned
কলগাছিয়াত প্ৰধানমন্ত্ৰী মোদীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ

By

Published : Jan 7, 2021, 3:32 PM IST

জনীয়া, 7 জানুৱাৰী : বিগত ৪১ দিন ধৰি দিল্লীৰ সীমান্তত ধাৰাবাহিক ভাৱে চলি থকা কৃষক আন্দোলনৰ পিছতো মোদী চৰকাৰে গ্ৰহণ কৰা নতুন তিনিখন কৃষি আইন বাতিল কৰিবলৈ আজিও সন্মত হোৱা নাই ।

কলগাছিয়াত প্ৰধানমন্ত্ৰী মোদীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ

প্ৰায় দুকুৰি আন্দোলনকাৰীয়ে মৃত্যুবৰণ কৰাৰ পিছতো মোদী চৰকাৰে দেশৰ অন্নদাতা কৃষক সকলৰ দাবী মানি ল'বলৈ মান্তি হোৱা নাই । যাৰ ফলত সৰ্বভাৰতীয় কৃষক সংঘৰ্ষ সমন্বয় সমিতিৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে দেশজোৰা আইন অমান্য আন্দোলনৰ অংশ হিচাপে কলগাছিয়াতো চি.আই.টি.ইউ.য়ে সমদল উলিয়াই ৰাজপথ অৱৰোধ কৰে ৷ প্ৰতিবাদকাৰী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।

লগতে পঢ়ক: অখিল গগৈৰ জামিন নাকচ: জাহ্নু বৰুৱাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details