বন্যাৰ্তক সাহাৰ্য বিতৰণ ‘নাবিক’ আৰু ‘কাচা’ৰ - baihata
বৰপেটা আৰু বাইহাটা চাৰিআলিটো চাৰ্ছচ অক্সিলিয়াৰী ফৰ ছচিয়েল একচন চমুকৈ 'কাচা'ৰ আৰু " নাবিক " নামৰ ছেস্বাসেৱী অনুষ্ঠান দুটাই বানাক্ৰান্ত লোক সকলৰ মাজত বিতৰণ কৰে সাহায্য ৷
বৰপেটা, বাইহাটা, 11 আগষ্টঃ বৰপেটা আৰু বাইহাটা চাৰিআলিত দেওবাৰে বেচৰকাৰী সংস্থা চমুকৈ'কাচা' আৰু 'নাবিক'এ আগবঢ়ালে বান সাহায্য ৷ প্ৰায় তিনি হাজাৰ বানাক্ৰান্ত লোকক আগবঢ়ালে সাহায্য ৷
সমগ্ৰ ৰাজ্যখনতেই ভয়ংকৰ বানত বিস্তৰ ক্ষতি সাধন হয় ৰাইজৰ ৷ হাজাৰ-হাজাৰ কৃষিভূমি,ঘৰ-দুৱাৰৰ লগতে পশুধনৰ বিস্তৰ ক্ষতি সাধন হয় ৷ চৰকাৰ তথা বিভিন্ন দল সংগঠনে বানাক্ৰান্ত লোক সকলৰ মাজত বিতৰণ কৰিছে বান সাহায্য ৷ ঠিক একেদৰে বৰপেটা আৰু বাইহাটা চাৰিআলিটো চাৰ্ছচ অক্সিলিয়াৰী ফৰ ছচিয়েল একচন চমুকৈ 'কাচা'ৰ আৰু " নাবিক " নামৰ ছেস্বাসেবী অনুষ্ঠানটিয়ে ক্ৰমে বৰপেটা আৰি বাইহাটা চাৰিআলিৰ বন্যাৰ্তৰ মাজত বিতৰণ কৰে নিত্য প্ৰয়োজনীয় সামগ্ৰী । সংগঠন দুটাই প্ৰায় তিনি হাজাৰ লোকক প্ৰদান কৰে বান সাহায্য ৷ সংগঠন দুটাৰ এই পদক্ষেপক ধন্যবাদৰ লগতে প্ৰশংসা জনাইছে বানাক্ৰান্ত লোক সকলে ৷