অসম

assam

ETV Bharat / state

কলগাছিয়াত বানৰ বিভীষিকা

বেঁকী নৈৰ বাঢ়নী পানীত প্লাৱিত কলগাছিয়া ৰাজহ চক্ৰৰ অৰ্ধশতাধিক গাঁও । বেঁকী নৈৰ চৰত পশুধন সহ আবদ্ধ দুই শতাধিক পৰিয়াল । সমগ্ৰ অসমৰ লগতে নামনি অসমৰ বৰপেটাত বানৰ ফলত বিভীষিকাৰ সৃষ্টি হৈছে ৷

কলগাছিয়াত বানৰ বিভীষিকা

By

Published : Jul 11, 2019, 9:51 AM IST

জনীয়া, 11 জুলাই: কলগাছিয়াত বানৰ বিভীষিকা । বেঁকী নৈ বাঢ়নী পানীত প্লাৱিত কলগাছিয়া ৰাজহ চক্ৰৰ অৰ্ধশতাধিক গাঁও । বেঁকী নৈৰ চৰত পশুধন সহ আবদ্ধ দুই শতাধিক পৰিয়াল । সমগ্ৰ অসমৰ লগতে নামনি অসমৰ বৰপেটাত বান পানীৰ ফলত বিভীষিকাৰ সৃষ্টি হৈছে । ভূটানৰ পৰা নামি অহা পানীৰ ফলত বেঁকী নৈয়ে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় অৰ্ধশতাধিক গাঁও প্লাৱিত কৰিছে । এই বানৰ ফলত বৰডাঙ্গা, কামাৰপাৰা, গুইলেজা, মিনিশিমলা, শ্ৰীৰামপুৰ, লাচাংগা, মুৱামাৰী বেচিমাৰী, কাচুকাটি, সুতিৰপাথাৰ, খাৰবাল্লী, ডাউকমাৰী, কাদং, সোণাপুৰ আদি কৰি প্ৰায় অৰ্ধশতাধিক গাঁৱত বানৰ ফলত হাহাকাৰৰ সৃষ্টি হয় । একাংশ নৈপৰীয়া বন্যাৰ্তই পশুধন সমূহলৈ ওখ ঠাইত আশ্ৰয় গ্ৰহণ কৰিছে যদিও অধিকাংশ লোক এবুকু পানীৰ মাজত আবদ্ধ হৈ আছে । আনহাতে, ৰাইজে বৰপেটা জিলা প্ৰশাসন বা কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক অৱগত কৰাৰ পিছতো চৰৰ মাজত আবদ্ধ হৈ থকা লোক সকল বা নৈপৰীয়া বানাক্ৰান্তক উদ্ধাৰৰ বাবে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই বুলি অভিযোগ তুলিছে ।

কলগাছিয়াত বানৰ বিভীষিকা

ABOUT THE AUTHOR

...view details