বৰপেটা, 2 ছেপ্তেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বৰপেটাতো মুকলিকৈ চলিছে অবৈধ ড্ৰাগছৰ বেহা ৷ জিলাখনত বিগত 48 ঘন্টাত আটক 5 জনকৈ ড্ৰাগছ ব্যৱসায়ী ৷ ৰাইজৰ খবৰৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে অভিযান চলাই বৰপেটা কল’নীৰ পৰা আটক কৰে দুই ড্ৰাগছ ব্যৱসায়ী ক্ৰমে ছহিদুল হক আৰু ফয়জুৰ ৰহমানক ৷
বৰপেটাত পুনৰ আটক দুই ড্ৰাগছ ব্যৱাসায়ী - বৰপেটা আৰক্ষীয়ে
ৰাইজৰ খবৰৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে অভিযান চলাই বৰপেটা কল’নীৰ পৰা আটক কৰে দুই ড্ৰাগছ ব্যৱসায়ী ক্ৰমে ছহিদুল হক আৰু ফয়জুৰ ৰহমানক ৷
আৰক্ষীয়ে দুয়োগৰাকী ব্যৱসায়ীৰ পৰা বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হোৱা বুলি জনাই যদিও সবিশেষ তথ্য প্ৰদানৰ পৰা বিৰত থাকে ৷ আনহাতে, ঘটনাস্থলীৰ পৰা পলায়ন কৰে বৰপেটাৰ ধানবন্ধা গাঁৱৰ বাবুল আলি আৰু বৰপেটাৰ মৃনাল নামৰ ড্ৰাগছ আসক্ত যুৱককেইজন ৷ ইয়াৰ উপৰিও দেওবাৰেও জিলাখনৰ বৰপেটাৰোড আৰু বহৰিত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু ব্ৰাউন চুগাৰসহ তিনিজনকৈ ড্ৰাগছ ব্যৱসায়ীক আটক কৰিছিল আৰক্ষীয়ে ৷ কিন্তু ৰহস্যজনকভাৱে জিলাখনত ড্ৰাগছৰ ঘাটিসমূহ উচ্ছেদ কৰাৰ ক্ষেত্ৰত আজিপৰ্যন্ত সক্ষম হোৱা নাই আৰক্ষী ৷
লগতে পঢ়ক-জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ সৈতে মুখ্যমন্ত্ৰী সোণোৱালৰ বৈঠক