অসম

assam

By

Published : May 28, 2020, 10:26 AM IST

ETV Bharat / state

বৰপেটাৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন

বুঢ়াদিয়া নৈৰ বাঢ়নী পানীয়ে জলমগ্ন কৰিছে বৰপেটা জিলাৰ সৰ্থেবাৰীকে ধৰি বিভিন্ন অঞ্চল । বানৰ ফলত বহু লোকৰ ঘৰৰ ভিতৰতো পানী সোমোৱাত বহু সা-সম্পত্তি নষ্ট হোৱাৰ লগতে পশু ধনৰ বিস্তৰ ক্ষতি সাধন হয় ৷ ইতিমধ্যে ঘৰ এৰি বিদ্যালয়ত শিবিৰ পাতি আশ্ৰয় লৈছে একাংশ লোকে ।

ETV BHARAT
বৰপেটাত জলমগ্ন বিস্তীৰ্ণ অঞ্চল

বৰপেটা, ২৭ মেঃ বৰপেটা জিলাৰ সৰ্থেবাৰীৰ লগতে বিভিন্ন অঞ্চলত ভয়ংকৰ বান ৷ বুঢ়াদিয়া নৈৰ বাঢ়নী পানীয়ে সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত পাৰাহকুছিৰ বুঢ়াদিয়া নৈৰ পাৰৰ পথটো ভাঙি নিয়ে । ফলত নৈ পৰীয়া দ্বি শতাধিক পৰিয়াল বানত আক্ৰান্ত হৈ পৰিছে । বানত ঘৰ-দুৱাৰৰ লগতে পশুধনৰ বিস্তৰ ক্ষতি সাধন হৈছে সাধাৰণ ৰাইজৰ ।

বৰপেটাত জলমগ্ন বিস্তীৰ্ণ অঞ্চল

আনহাতে ঘৰৰ ভিতৰত পানী সোমোৱাত ঘৰ এৰি এতিয়া বিদ্যালয়ত শিবিৰ পাতি আশ্ৰয় লৈছে একাংশ লোকে । তাৰোপৰি সৰ্থেবাৰী-টিহু সংযোগী পথৰ ওপৰেৰে বাগৰিছে পানী । ফলত বিচ্ছিন্ন হৈ পৰিছে যাতায়ত ব্যৱস্থা । বুঢ়াদিয়াৰ মথাউৰি নিৰ্মাণ নকৰাৰ বাবে জলমগ্ন হৈ পৰিছে বিভিন্ন অঞ্চল । তাৰোপৰি বুঢ়াদিয়াৰ বানে উটুৱাই নিয়ে বতিয়া-কালাতলি সংযোগী পথটো । জালকাৰা, নলীৰপথাৰ আদিকে ধৰি বিস্তীৰ্ণ অঞ্চল প্লাৱিত হোৱাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজৰ মাজত ৷

লগতে পঢ়ক-বিশ্বনাথত ভয়ংকৰ গৰাখহনীয়া শংকিত নৈপৰীয়া ৰাইজ

ABOUT THE AUTHOR

...view details