অসম

assam

ETV Bharat / state

D Voters Protest: ডি ভোটাৰৰ তথ্য নাই চৰকাৰৰ হাতত !

বছৰ বছৰ ধৰি ডি ভোটাৰ হিচাপে বাস কৰি থকা লাখ লাখ লোকৰ কোনো সঠিক তথ্য নাই চৰকাৰৰ হাতত ৷ কি কাৰণে এইসকল লোকক ডি ভোটাৰ সজোৱা হ’ল তাৰো উত্তৰ নাই কাৰো ওচৰত ৷ এনে বহু কাৰণত বৰপেটা জিলাৰ কলগাছিয়াত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ডি ভোটাৰ মঞ্চৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট (D Voters protest in Barpeta) ৷

D Voters Protest
ডি ভোটাৰৰ তথ্য নাই চৰকাৰৰ হাতত !

By

Published : Dec 17, 2021, 5:39 PM IST

বৰপেটা, 17 ডিচেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত শুকুৰবাৰৰ পৰা ডি ভোটাৰ মঞ্চৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী আৰম্ভ হৈছে (D voters protest in Barpeta)। বৰপেটা জিলাৰ আৰ টি আই কৰ্মী ফাৰুক খানৰ নেতৃত্বত গঠিত হোৱা ডি ভোটাৰ মঞ্চৰ উদ্যোগত কলগাছিয়াত আৰম্ভ হৈছে এই অনিৰ্দিষ্টকালীন ধৰ্মঘট । ভোটাৰৰ নামৰ আগত জড়িত থকা সন্দেহযুক্ত শব্দটো আনুষ্ঠানিকভাৱে আঁতৰাই দিয়াৰ দাবীত বহুকেইগৰাকী ভুক্তভোগীয়ে অংশগ্ৰহণ কৰিছে এই ধৰ্মঘটত ।

ডি ভোটাৰৰ তথ্য নাই চৰকাৰৰ হাতত !

ডি ভোটাৰ মঞ্চৰ নেতা ফাৰুক খানে জানিবলৈ দিয়ে যে, কেনেকৈ অসমত বাস কৰা প্ৰকৃত ভাৰতীয় নাগৰিকৰ নামৰ আগত ডি (Doubtful Voter) বহিলে সেই বিষয়ত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত তেওঁ দিল্লীৰ কেন্দ্ৰীয় সচিবালয়, দিছপুৰৰ ৰাজ্যিক সচিবালয় ,বৰপেটা উপায়ুক্তৰ কাৰ্যালয়, বৰপেটা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় আৰু কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আবেদন কৰিছিল যদিও কাৰো হাতত এই বিষয়ত তথ্য নাই ।

তথ্যবিহীনভাৱে নাগৰিকসকলক ডি ভোটাৰ সজোৱাৰ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষ তথা চৰকাৰক আহ্বান জনাইছে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক:D Voter Forum on Detention Camp: সীমান্ত আৰক্ষীৰ ভুৱা গোচৰত ডিটেনশ্যন কেম্পত লাখ লাখ লোক !

ABOUT THE AUTHOR

...view details