বজালী,১৩ মে': সমগ্ৰ দেশৰ লগতে অসমতো ক'ভিড-১৯ ৰ বিভীষিকা অব্যাহত আছে । বজালী জিলাতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা । পাঠশালা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন ৰাও আক্ৰান্ত হৈছে কৰ’ণাত । বজালীত এতিয়ালৈকে মুঠ আক্ৰান্তৰ সংখ্যা ৭০০ৰো অধিক হোৱা দেখা গৈছে ৷ আনহাতে, এতিয়ালৈ মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে ৬ জনে ।
বজালীত উদ্বেগজনকভাৱে বৃদ্ধি কৰ'ণাৰ সংক্ৰমণ
পাঠশালা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন ৰাও মহামাৰী কৰ'ণাত আক্ৰান্ত । বজালীত এতিয়ালৈকে মুঠ আক্ৰান্তৰ সংখ্যা ৭০০ৰো অধিক হোৱা দেখা গৈছে ৷ আনহাতে, এতিয়ালৈ মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে ৬ জনে ।
বজালীত উদ্বেগজনকভাৱে বৃদ্ধি কৰ'ণাৰ সংক্ৰমণ
ৰাজ্য চৰকাৰে বান্ধি দিয়া নীতি-নিৰ্দেশনাসমূহ জিলাখনতো বলৱৎ কৰা হয় । মহমাৰীবিধক প্ৰতিহত কৰিবলৈ মিনি লক ডাউন, সান্ধ্য আইন আদিৰ যিসমূহ ব্যৱস্থা গ্ৰহণ কৰিছে সেই ব্যৱস্থাসমূহ বজালী জিলাতো প্ৰযোজ্য কৰা হৈছে । ইফালে, আজিৰে পৰা ৰাজ্যত বলৱৎ কৰা হৈছে যুগ্ম তাৰিখত যুগ্ম বাহনৰ চলাচল আৰু অযুগ্ম তাৰিখত অযুগ্ম বাহনৰ চলাচল । ঠিক তেনেদৰে বজালীতো প্ৰযোজ্য হৈছে যুগ্ম-অযুগ্ম নম্বৰৰ বাহনৰ চলাচল ।
লগতে পঢ়ক: অসম বিধানসভাৰ অধ্যক্ষ পদত অধিষ্ঠিত হ'ব বিশ্বজিৎ দৈমাৰী