বৰপেটা , ২ জানুৱাৰী : নতুন বছৰৰ প্ৰথম আৰু দ্বিতীয় দিনটোত ৰাজ্য়ৰ ধৰ্মীয় উপাসনাস্থলী সমূহত যথেষ্ট ভক্তৰ ভিৰ দেখা গল । সকলোৰে যাতে ২০২১ চনটো মঙলময় হয় তাৰ বাবে প্ৰাৰ্থনা কৰিলে সকলোৱে । অসমৰ মুখ্য়মন্ত্ৰীগৰাকীও শনিবাৰে উপস্থিত হ'ল বৰপেটাৰ কৃষ্ণগুৰু সেৱাশ্ৰমত । কৃষ্ণগুৰুৰ একান্ত ভক্ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৃষ্ণগুৰু সেৱাশ্ৰম দৰ্শন কৰাৰ লগতে প্ৰৱেশ কৰে সুৱৰ্ণ কুড়ত । নিজৰ লগতে ৰাজ্যৰ মঙ্গল আৰু শান্তিৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সুৱৰ্ণ কুড়ত প্ৰায় এঘন্টা সময় প্ৰাৰ্থনা কৰে । লগতে কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰুগৃহত প্ৰৱেশ কৰি আধ্যাত্মিক গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুক সাক্ষাৎ কৰে আৰু গুৰুগৃহত প্ৰসাদ গ্ৰহণ কৰে ।
কৃষ্ণগুৰু সেৱাশ্ৰমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
নতুন বছৰৰ দ্বিতীয় দিনটোত বৰপেটাৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । নিজৰ লগতে ৰাজ্যৰ মঙ্গলৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সুৱৰ্ণ কুড়ত কৰিলে প্ৰাৰ্থনা ।
কৃষ্ণগুৰু সেৱাশ্ৰমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল