লক্ষীমপুৰ, 28 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে ভিন্নৰূপী প্ৰতিবাদ ৷ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত লখিমপুৰ জিলাৰ বিভিন্ন স্থানত ভিন্ন প্ৰতিবাদী সভাৰে অব্যাহত গণতান্ত্ৰিক আন্দোলনৰ ৷ শনিবাৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মধুপুৰত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰে গায়ক ত্ৰৈলোক্য সোণোৱালে ৷ হাজাৰ হাজাৰ লোকৰ উপস্থিতিত তেওঁ গীতেৰেই চৰকাৰক ধিক্কাৰ দিয়াৰ লগতে ৰাইজক আহ্বান জনালে সজাগ হ'বলৈ।
গুৱাহাটীঃ সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত মহানগৰীৰ পাথৰকুৱেৰীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বৃহত্তৰ অঞ্চলটোৰ জনতাই ৷ আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ সংগঠনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় শতাধিক প্ৰতিবাদকাৰীয়ে ৷ কোনো কাৰনতে চৰকাৰে অসমৰ ওপৰত জাপি দিব খোজা এই আইন মানি নলয় বুলি সমস্বৰে হুংকাৰ দিয়ে ৷ পাথৰকুুৱেৰীৰ পৰা নাৰেংগী ফ'ৰেষ্ট গেটলৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰে স্থানীয় লোকসকলে ৷
শুৱালকুচিঃ শুৱালকুচিৰ বলিচৰত শুৱালকুচি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিকত্ব সশোধনী আইনৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী সভা ৷ এই প্ৰতিবাদী সভাত উপস্থিত থাকিব শিল্পী সমাজৰ হৈ জুবিন গাৰ্গ, বৰষা ৰাণী বিষয়াকে ধৰি প্ৰায় ৩০ জনকৈ শিল্পী ৷ লগতে উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক লুৰিণজোতি গগৈকে ধৰি বহু নেতা ৷
বৰপেটাঃবৰপেটাত সংশোধিত নাগৰিকত্ব আইন বিৰোধী গণ অৱস্থান ৷ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত গণ অৱস্থান ধৰ্মঘটত ভাগ লৈ বৰপেটাৰ বহু জ্যেষ্ঠ নাগৰিকে দাবী কৰিলে সংশোধিত নাগৰিকত্ব আইন বাতিলৰ বাবে ৷ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত ভাগ লৈ প্ৰাক্তন আছু নেতা গোবিন্দ গায়নে ৰাজ্য চৰকাৰে আৰম্ভ কৰা শান্তি আৰু অবিৰত প্ৰগতিৰ হকে মৌন সমদলৰ কাৰ্যসূচীক চৰকাৰখনৰ বহুৱালি বুলি অভিহিত কৰে ৷ যি সময়ত চৰকাৰৰ ভুল নীতিৰ বাবে অশোক কাগজ কলৰ দৰে অনেক ৰাজহুৱা উদ্যোগ ধ্বংস হৈ গ'ল, তেনেসময়তে অবিৰত প্ৰগতিৰ হকে শাসকীয় দলটোৱে উলিওৱা সমদল নিশ্চয়কৈ বহুৱালিৰে নামান্তৰ ৷ আনহাতে নিজৰ ডিঙিত অসমীয়া গামোছাখন লৈ থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক জাতিটোৰ কথা ভাবিবলৈ আৰু অসম তথা উত্তৰ পূবত কা জাপি নিদিবলৈ আহ্বান জনালে গোবিন্দ গায়নে ৷ ইপিনে হিমন্ত বিশ্ব শৰ্মাই কা সম্পৰ্কে ৰাজহুৱা বিতৰ্কত অংশ লোৱাৰ বাবে আছুৰ মুখ্য উপদেষ্টাজনক জনোৱা আহ্বানৰ বিপৰীতে প্ৰাক্তন আছু নেতাজনে হিমন্তৰ সৈতে নহয়, প্ৰয়োজনবোধে প্ৰধানমন্ত্ৰী অথবা গৃহমন্ত্ৰীৰ সৈতেহে বিতৰ্কত ভাগ ল'ব বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰাক্তন আছু নেতাজনে ৷
কলিয়াবৰঃ কলিয়াবৰত আছুৰ নেতৃত্বত সংশোধিত নাগৰিকত্ব আইন বিৰোধী সংগ্ৰামী ঐক্যমঞ্চৰ গণ বিক্ষোভ ৷ নাগৰিকত্ব আইন বিৰোধী সংগ্ৰামী ঐক্যমঞ্চ আৰু পশ্চিম কলিয়াবৰবাসী ৰাইজৰ সহযোগত শনিবাৰে কলিয়াবৰৰ নলতলিত শতাধিক লোকৰ গণ বিক্ষোভ কাৰ্যসূচী। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত চৰকাৰ বিৰোধী শ্ল'গানেৰে সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদত কলিয়াবৰ জ্যেষ্ঠ নাগৰিক সন্থা, কলিয়াবৰ শাখা সাহিত্য সভাৰ বিষয়ববীয়াও অংশগ্ৰহণ কৰে এই প্ৰতিবাদত। কোনো কাৰণতে মানি লোৱা নহ'ব এই জাতিধ্বংসী আইনখন।
গোলাঘাটঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গোলাঘাটতো প্ৰতিবাদ অব্যাহত। গোলাঘাটত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ পৰিষদ গোলাঘাট জিলা সমিতিয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে।
খুমটাইঃ সদৌ অসম তাই আহোম ছাত্র সন্থা আৰু খুমটাই আঞ্চলিক সমিতিৰ উদ্যোগত বিভিন্ন দল সংগঠন আৰু খুমটাইবাসী ৰাইজৰ সহযোগত নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবীত খুমটাই চাৰিয়ালীত উদাত্ত কণ্ঠৰে প্ৰতিবাদ সাব্যস্ত কৰে। খুমটাই চাৰিআলিৰ সন্মুখত প্ৰায় কেইবাশতাধিক লোকে অংশগ্ৰহণ কৰা প্ৰতিবাদী অনুষ্ঠানত উপস্থিত থাকি গায়ক বিপুল চেতীয়া ফুকন, অভিনেতা অৰুণ হাজৰিকা, কণ্ঠশিল্পী মাধৱ ৰঞ্জনে চৰকাৰৰ বিৰুদ্ধে শ্ল’গান প্ৰদান কৰে ৷ গীতে-মাতে প্ৰতিবাদ কৰি খুমটাইৰ পৰা প্ৰতিবাদী কণ্ঠেৰে সমষ্টিৰ বিধায়ক গৰাকীক সমালোচনা কৰি থকা-সৰকা কৰাৰ লগতে খুমটাইবাসী মাৰ বান্ধি থিয় হৈছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে।