অসম

assam

বৰপেটা মেডিকেল কলেজ হাস্পতালৰ 9 গৰাকীক কোৱাৰেন্টাইন

By

Published : Jun 24, 2020, 2:13 AM IST

Updated : Jun 24, 2020, 7:28 AM IST

9 গৰাকী কোৱাৰেন্টাইন হোৱা লোকৰ ভিতৰত আছে 5 গৰাকী চিকিৎসক,3 গৰাকী নাৰ্চ আৰু এগৰাকী ছাফাই কৰ্মী ৷

বৰপেটা মেডিকেল কলেজ হাস্পতালৰ 9 গৰাকীক কোৱাৰেন্টাইন
বৰপেটা মেডিকেল কলেজ হাস্পতালৰ 9 গৰাকীক কোৱাৰেন্টাইন

বৰপেটা, ২৩ জুনঃ কৰ'ণা সংক্ৰমিত ৰোগীৰ সংস্পৰ্শলৈ অহা বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতালৰ ৫ গৰাকী চিকিৎসক আৰু ৪ গৰাকী স্বাস্থ্য কৰ্মীক কোৱাৰেন্টাইন কৰোৱা হয় ৷

মঙলবাৰৰ পৰা কোৱাৰেন্টাইনত ৰখা চিকিৎসক কেইগৰাকী হ'ল - ডাঃ ফ্ৰান্সিচ বৰগোঁহাই, ডাঃ গৌতম সাহা, কনিষ্ঠ চিকিৎসক মফিদুল ইছলাম, দেৱৰাজ বনিয়া আৰু শৰ্মিষ্ঠা ৰয় ৷ বৰপেটা মেডিকেল কলেজ হাস্পতালৰ অধীক্ষক ডাঃ ববীজিৎ গোস্বামীয়ে আজি সদৰি কৰে এই কথা ৷

বৰপেটা মেডিকেল কলেজ হাস্পতালৰ 9 গৰাকীক কোৱাৰেন্টাইন

সোমবাৰে ধুবুৰী জিলা কাৰাগাৰৰ পৰা অহা এজন কাৰাবন্দীৰ শৰীৰত ধৰা পৰিছিল COVID-19 ৷ আব্দুল হানিফ খান নামৰ কাৰাবন্দীজন চিকিৎসাৰ বাবে আহিছিল বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ ৷ কাৰাবন্দীজনৰ নিয়মমাফিকভাৱে কৰা হৈছিল স্বাব পৰীক্ষা ৷ আৰু তাৰ ফলাফলত কাৰাবন্দীজনৰ গাত ধৰা পৰে COVID-19 ৷ তাৰ পাচতেই হাহাকাৰ লাগে চিকিৎসা মহাবিদ্যালয় খনত ৷

ইয়াৰ পাচতেই হাস্পতাল কৰ্তৃপক্ষই জিলা প্ৰশাসনক অৱগত কৰে আৰু ডাক্তৰ,নাৰ্চকে ধৰি মুঠ 9 গৰাকীক কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰে ৷ 9 গৰাকীৰ ভিতৰত 5 গৰাকী চিকিৎসক, 3 গৰাকী নাৰ্চ আৰু 1 গৰাকী ছাফাই কৰ্মী আছে ৷

শৈল ৰোগ বিভাগৰ ৫ গৰাকীকৈ চিকিৎসকক কোৱাৰেন্টাইন কৰিবলগা হোৱাৰ ফলত অৱশ্যে চিকিৎসাৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নপৰে বুলি প্ৰকাশ কৰিছে বৰপেটা মেডিকেল কলেজ হাস্পতালৰ অধীক্ষক ডাঃ ববীজিৎ গোস্বামীয়ে ৷

লগতে পঢ়কঃ সেনাই সম্পূৰ্ণ কৰিলে বাঘজান তৈলখাদলৈ যোৱা দলং নিৰ্মাণৰ কাম

Last Updated : Jun 24, 2020, 7:28 AM IST

ABOUT THE AUTHOR

...view details