অসম

assam

ETV Bharat / state

ৰাজীৱ ভৱনলৈ নাযায় নেতা : ভৱনত চলে বাদাম-ভূজিয়াৰ পেকেজিং !

কংগ্ৰেছ শাসন কালত ৰাজীৱ ভৱন সমূহৰ আছিল বিশেষ গুৰুত্ব ৷ পিছে এতিয়া ৰাজীৱ ভৱনলৈ নাযায় নেতা, কৰ্মী, সমৰ্থক ৷ এনে সময়তে, বৰপেটাৰোডৰ ৰাজীৱ ভৱনত দেখা গ’ল এক বিশেষ দৃশ্য ৷ এতিয়া বাদাম-ভূজিয়াৰ পেকেজিঙৰ কাম চলে ভৱনটোত (Bhujiya packaging runs in Rajiv Bhawan) ৷

bhujiya-packaging-runs-in-rajiv-bhawan-of-barpeta-road
ৰাজীৱ ভৱনলৈ নাযায় নেতা : ভৱনত চলে বাদাম-ভূজিয়াৰ পেকেজিং !

By

Published : Feb 8, 2022, 10:23 AM IST

বৰপেটাৰোড, 7 ফেব্ৰুৱাৰী : ৰাজীৱ ভৱন ! হয়তো নামটো শুনাৰ লগে লগেই আপোনাৰ মনলৈ আহিব দেশ তথা ৰাজ্যৰ দীঘলীয়া কংগ্ৰেছ শাসন কালৰ কথা (Congress tenure in Assam) ৷ সেই সময়ত ৰাজীৱ ভৱন সমূহৰ আছিল বিশেষ গুৰুত্ব ৷ অসমৰ প্ৰতিখন জিলাতে থকা ৰাজীৱ ভৱন সমূহত তেতিয়া দিনে নিশাই ভিৰ কৰিছিল শাসনাধিস্থিত কংগ্ৰেছ দলৰ নেতা, পালিনেতা, কৰ্মী, সমৰ্থকে ৷ এক কথাত কংগ্ৰেছ চৰকাৰৰ এক অভিন্ন অংগ আছিল এই ৰাজীৱ ভৱন সমূহ ৷

ৰাজীৱ ভৱনলৈ নাযায় নেতা : ভৱনত চলে বাদাম-ভূজিয়াৰ পেকেজিং !

পিছে নাই আজি সেই দিন নাই, এতিয়া সেইদিন নাই কংগ্ৰেছৰ ৷ প্ৰথমে 2014 চনৰ লোকসভা নিৰ্বাচন, দুবছৰ পিছত 2016 চনৰ অসম বিধান সভা নিৰ্বাচন আৰু পৰৱৰ্তী সময়ত ইটোৰ পিছত সিটো নিৰ্বাচনত বিদ্ধস্ত হৈ পৰে কংগ্ৰেছ দল৷ দীঘলীয়া সময়ৰ অন্তত দলটোৱে শাসনভাৰ হেৰুওৱাৰ পিছতে এতিয়া যেন ক্ৰমাৎ গুৰুত্বহীন হৈ পৰিছে ৰাজীৱ ভৱন সমূহো ৷ পূৰ্বতে লানি-নিচিগা মানুহৰ সোত বোৱা ৰাজীৱ ভৱনলৈ এতিয়া নাহে মানুহ ৷

এনে সময়তে, বৰপেটাৰোডৰ ৰাজীৱ ভৱনত দেখা গ’ল এক বিশেষ দৃশ্য ৷ আজিকালি হেনো কংগ্ৰেছৰ নেতা-কৰ্মী ৰাজীৱ ভৱনলৈ নাহেই ৷ দুই এজন নেতা আহে যদিও ৰাজীৱ ভৱনত মানুহ নহাৰ বাবে গুচি যায় । একালত বিশেষ তাৎপৰ্য বহন কৰা এই ভৱনটোত সেয়ে এতিয়া বিক্ৰীৰ বাবে প্ৰস্তুত কৰা হয় ভূজিয়া-নিমকি-বাদাম (Bhujiya packaging runs in Rajiv Bhawan) ৷ নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ এজন লোকে বৰপেটাৰোডৰ ৰাজীৱ ভৱনত পেকেটিং কৰি উক্ত ভূজিয়া, নিমকি, বাদাম ৰেলত বিক্ৰী কৰি আহিছে ৷

আৰ্থিকভাৱে কিছু দূৰ্বল ক্ষুদ্ৰ ব্যৱসায়ী জনে দুপইচা লাভ কৰক বুলি ৰাজীৱ ভৱনৰ কৰ্মী সকলেও তেওঁক সেই সুযোগ দিছে বিনিময়ত লোকজনেও ভৱনটো চাফ-চিকুন কৰি ৰাখি হাঁহি তামাচা কৰি গুচি যায় ৷ ভৱনটোৰ এগৰাকী কৰ্মীয়ে সাংবাদিকক এই সম্পৰ্কত কয় যে, গৰুৰ দালালী, গাড়ী চুৰি অথবা চাউল চুৰি নকৰি লোক ক্ষুদ্ৰ ব্যৱসায়ী জনে দুপইচা পোৱাকৈ কাম কৰিছে গতিকে তেওঁলোকেও ইয়াকলৈ আপত্তি নাই কৰা ৷

লগতে পঢ়ক :বিজেপি বিধায়কৰ পদত্যাগ : চিন্তিত নহয় ৰাজ্যিক বিজেপিৰ সভাপতি

ABOUT THE AUTHOR

...view details