অসম

assam

ETV Bharat / state

বৰপেটা সত্ৰৰ বৰ্ষফল গণনা অনুসৰি পুনৰ মুখ্যমন্ত্ৰী আসনত বহিব সোণোৱাল

বৰ্ষফল গণনা অনুসৰি ৰাজ শাসনৰ অধিপতি গ্ৰহ মংগলে মন্ত্ৰীত্বৰ ভাৰ লোৱাত ৰাজ্যত বিজেপিয়েই চৰকাৰ গঠন কৰিব ৷ আনহাতে জন্মফল গণনা অনুসৰি সৰ্বানন্দ সোণোৱালেই পুনৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ’ব ৷ মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত ১৪২৮ ভাস্কৰাব্দৰ পৰম্পৰাগত "বৰ্ষফল গণনা" কৰি বৰপেটা সত্ৰৰ দৈব্যজ্ঞ ত্ৰিদিপ শৰ্মা দলৈয়ে আজি এইদৰে কয় ৷

By

Published : Apr 15, 2021, 1:08 PM IST

Updated : Apr 15, 2021, 1:17 PM IST

বৰপেটা সত্ৰৰ বৰ্ষফল গণনা অনুসৰি ৰাজ্যত পুনৰ হ’ব বিজেপি চৰকাৰ
বৰপেটা সত্ৰৰ বৰ্ষফল গণনা অনুসৰি ৰাজ্যত পুনৰ হ’ব বিজেপি চৰকাৰ

বৰপেটা 15 এপ্ৰিল :বৰপেটা সত্ৰত ১৪২৮ ভাস্কৰাব্দৰ পৰম্পৰাগত "বৰ্ষফল গণনা" কৰি বৰপেটা সত্ৰৰ দৈব্যজ্ঞ ত্ৰিদিপ শৰ্মা দলৈয়ে আজি পহিলা ব’হাগৰ দিনটোতেই বৰ্ষফল গণনা কৰে ৷ ৰাজ শাসনৰ অধিপতি গ্ৰহ মংগলে মন্ত্ৰীত্বৰ ভাৰ লোৱাত ৰাজ্যত বিজেপিয়েই চৰকাৰ গঠন কৰিব ৷ আনহাতে জন্মফল গণনা অনুসৰি সৰ্বানন্দ সোণোৱালেই পুনৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব বুলি জনায় দৈৱজ্ঞগৰাকীয়ে ৷

ইপিনে দৈৱজ্ঞগৰাকীয়ে কৰা বৰ্ষফল গণনা অনুসৰি অসম প্ৰদেশৰ ৰাশি কৰ্কট ৷ ৰাশিফলমতে, পঞ্চম স্থানত কেতু, সপ্তমস্থানত শনি, অষ্টমস্থানত বৃহস্পতি,দশমস্থানত শুক্ৰ, ৰবি, বুধ, একাদশত মংগল, ৰাহু, চন্দ্ৰ অৱস্থান কৰাত আগন্তুক বছৰটো ৰাজ্যখনৰ বাবে মুঠেই অনুকূল নহয় ৷ সংক্ৰান্তি সময়ত কালসৰ্প যোগ আৰু শনিৰ পূৰ্ণদৃষ্টি পৰিছে ৷ শনি ৰজা আৰু মংগল মন্ত্ৰী হোৱাত লগতে সপ্তম স্থানত শনি অৱস্থান কৰাত ৰাজ্যত বছৰটোত আন্দোলন বৃদ্ধি, দুৰ্ঘটনা, হত্যা, অপহৰণ, সন্ত্ৰাসবাদমূলক কাৰ্য বৃদ্ধি পাব ৷

বহু ঠাইত অশান্তিৰ লগতে আকস্মিক দুৰ্ঘটনা, গুপ্তহত্যাৰ যোগ আৰু প্ৰাকৃতিক দুৰ্যোগে ৰাজ্যখনৰ অঞ্চলভেদে ব্যাপক ক্ষতি সাধন কৰিব ৷ বৰ্ষফল গণনা মতে, এইবেলি শুক্ৰ জলাধিপতি আৰু চন্দ্ৰ শস্যাধিপতি হোৱাত খৰাং বতৰৰ লগতে বানপানীৰ প্ৰভাৱত ৰাজ্যখনৰ শস্য আদিৰ প্ৰভূত ক্ষতিসাধন হ’ব ৷ বৰ্ষফল অনুসৰি ৰাজ্যত ৰাজনৈতিক, অৰ্থনৈতিক সমস্যাৰ লগতে খাদ্য সংকটে দেখা দিব পাৰে বুলিও শৰ্মা দলৈয়ে কয় ৷

বৰপেটা সত্ৰৰ বৰ্ষফল গণনা অনুসৰি ৰাজ্যত পুনৰ হ’ব বিজেপি চৰকাৰ

আনহাতে, কালসৰ্প যোগ আৰু শনিৰ পূৰ্ণদৃষ্টিৰ বাবে সকলো দলৰ ৰাজনৈতিক নেতাসকলে সাৱধান হোৱাটো মংগলজনক বুলি উল্লেখ কৰে ৷ তাৰোপৰি ৰাজ্য শাসনৰ ক্ষেত্ৰত সেনা আৰক্ষীৰ কাৰ্যকলাপ বৃদ্ধিৰ যোগ ৷ ইপিনে ড৹ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নোহোৱাতেই অধিক শুভ বুলি মন্তব্য কৰে দৈৱজ্ঞ গৰাকীয়ে ৷ ৰাজ্যৰ সকলো ৰাজনৈতিক নেতাৰ ভিতৰত সৰ্বানন্দ সোণোৱালৰ দশাই শ্ৰেষ্ঠ ফল লাভ কৰা বুলিও মন্তব্য ৷

আনহাতে, ভাৰত দেশৰ ৰাশি মকৰ ৷ ৰাশি চক্ৰ মতে বছৰটোৰ অধিকাংশ সময় ভাৰতৰ বাবে প্ৰতিকুল হ’ব ৷ জন্ম ৰাশিত শনি অৱস্থান কৰাত মৌলবাদী শক্তি, জেহাদী শক্তি বৃদ্ধি পাব যদিও সন্ত্ৰাসবাদীয়ে মূৰ দাঙি উঠিব নোৱাৰিব ৷ বছৰটো নানা ধৰণৰ প্ৰতিকুল অৱস্থাৰ মাজেৰে অতিবাহিত হব ৷ ৰাজনৈতিক, সামাজিক, প্ৰাকৃতিক দুৰ্যোগ, অৰ্থনৈতিক সংকট, আন্দোলন, সন্ত্ৰাসবাদী কাৰ্যকলাপ অব্যাহত থাকিব যদিও গুৰু শুক্ৰৰ শুভ প্ৰভাৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষতাৰে দেশ শাসন কৰিবলৈ সক্ষম হব ৷ নৰেন্দ্ৰ মোডীৰ শপতকাল আৰু জন্ম ৰাশি অনুসৰি তেওঁ শ্ৰেষ্ঠ ফল লাভ কৰিব ৷ লগ্নস্থানত শনি আছে আৰু শনি ৰজা হোৱাৰ বাবে নৰেন্দ্ৰ মোডীৰ সন্মান লাভ, শুভকাৰ্য, ভাগ্য লাভ, আনন্দলাভ হ’ব ৷ সন্ত্ৰাসবাদ নিৰ্মূল কৰণত ভাৰতে পৃথিৱীৰ ভালেমান দেশৰ পৰা প্ৰশংসা পোৱাৰ যোগ আছে ৷

লগতে পঢ়ক:কলিয়াবৰত মুকলি বিহুৰে ৰাইজে আদৰিছে হেঁপাহৰ ব’হাগক

Last Updated : Apr 15, 2021, 1:17 PM IST

ABOUT THE AUTHOR

...view details