অসম

assam

ETV Bharat / state

সত্য প্ৰমাণিত হ'ল দৈৱজ্ঞ ত্ৰিদীপ দেৱৰ ভৱিষ্যৎবাণীঃ মহাআনন্দৰ যোগত মুখ্যমন্ত্ৰী

সত্য প্ৰমাণিত হ'ল বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ দেৱ শৰ্মাৰ ভৱিষ্যৎতবাণী ৷ বিগত ১৫ এপ্ৰিলত নৰেন্দ্ৰ মোডী পুনৰ প্ৰধানমন্ত্ৰী হ'ব বুলি ভৱিষ্যৎবাণী কৰিছিল বৰপেটা সত্ৰত দৈৱজ্ঞ ত্ৰিদীপ দেৱে ৷ জ্যোতিষীগৰাকীৰ ভৱিষ্যতবাণী সত্য প্ৰমাণীত হোৱাত আনন্দিত হৈ পৰে সত্ৰবাসী ৷

By

Published : May 24, 2019, 8:37 PM IST

নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হ'বই : দৈৱজ্ঞ ত্ৰিদীপ দেৱ শৰ্মাৰ ভৱিষ্যতবাণী

বৰপেটা, ২৪মে' : নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হ'বই । এয়া ৰাইজৰ মতামত নহয়,বৰপেটা সত্ৰৰ এজন জ্যোতিষীৰ ভৱিষ্যতবাণী । বৃহস্পতিবাৰে ঘোষিত হোৱা সপ্তদশ লোকসভা নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে সুফল দেখুওৱাৰ পাছতেই বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ দেৱ শৰ্মাই মন্তব্য কৰে, "নৰেন্দ্ৰ মোডী পুনৰ প্ৰধানমন্ত্ৰী হব বুলি মোৰ ভৱিষ্যতবাণীত মই প্ৰকাশ কৰিছিলো " । ১৫ এপ্ৰিলত বৰপেটা সত্ৰত দৈৱজ্ঞ ত্ৰিদীপ দেৱে কৰা ভৱিষ্যতবাণী বৃহস্পতিবাৰে প্ৰমাণিত হ'ল বুলি জ্যোতিষীগৰাকীয়ে দাবী কৰে । আনকি ২০২৪ চনৰ নিৰ্বাচনটো পুনৰবাৰ নৰেন্দ্ৰ মোডীয়েই প্ৰধানমন্ত্ৰীৰ আসন দখল কৰিব বুলি ভৱিষ্যতবাণী কৰে ত্ৰিদীপ দেৱে ।

নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হ'বই : দৈৱজ্ঞ ত্ৰিদীপ দেৱ শৰ্মাৰ ভৱিষ্যতবাণী


দেৱৰ মতে, বিপুল সংখ্যক আসনেৰে একমাত্ৰ নৰেন্দ্ৰ মোডীয়ে পুনৰ দিল্লীৰ ৰাজপাট দখল কৰাতো নিশ্চিত হ'ল বৃহস্পতিবাৰৰ ভোট গণনাত ৷ বৰপেটা সত্ৰৰ এই গণনা সঁচা প্ৰমাণিত হোৱাৰ পাছতেই দৈৱজ্ঞগৰাকীয়ে শুকুৰবাৰে সাংবাদিকৰ আগত সন্তুষ্টি প্ৰকাশ কৰে ৷ আনহাতে নৰেন্দ্ৰ মোডীৰ শাসনত দেশৰ বিকাশ হ'ব বুলি মন্তব্য কৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বৰ্তমান মহাআনন্দৰ যোগ চলি থকাৰ কথাও প্ৰকাশ কৰে ।

অন্য খবৰৰ বাবে : জ্যেষ্ঠ দলীয় নেতাৰ আশীষ বিচাৰিলে মোডী-শ্বাহে

ABOUT THE AUTHOR

...view details