অসম

assam

ETV Bharat / state

অচিন ৰোগত আক্ৰান্ত এটি শিশু

বৰপেটা জিলাৰ সৰভোগৰ ডেৰবছৰীয়া শিশু ধৃতিমান দাস আক্ৰান্ত এবিধ অচিন ৰোগত৷ লৰচৰ কৰিব নোৱাৰে ডিঙি,মূৰ৷ স্বাস্থ্য মন্ত্ৰীক সহায়ৰ আহ্বান দুৰ্ভগীয়া পৰিয়ালটোৰ ৷

অচিন ৰোগত আক্ৰান্ত এটি দেৱ শিশু

By

Published : Aug 22, 2019, 10:33 AM IST

Updated : Aug 22, 2019, 4:27 PM IST

জনীয়া, 22 আগষ্ট: ৰপেটা জিলাৰ সৰভোগ বিধানসভাৰ অন্তৰ্গত দ্বাৰিকা গাঁৱত অচিন ৰোগত আক্ৰান্ত হৈছে এটি শিশু৷ দ্বাৰিকা গাঁৱৰ ৰাতুল দাস আৰু নিতিকা দাসৰ মাত্ৰ ডেৰবছৰীয়া শিশুপুত্ৰ ধৃতিশমান দাসে জন্মৰ পৰাই স্থিৰ কৰিব নোৱাৰে নিজৰ ডিঙি,মূৰকে আদি কৰি শৰীৰৰ অন্যান অংগ প্ৰত্যংগ ৷ তাৰ ওপৰিও ডেৰ বছৰ অতিক্ৰম কৰাৰ পাছতো এতিয়ালৈ কথা কোৱা-খোজ কঢ়া আদি একো কাম কৰিব নোৱাৰে শিশুটিয়ে ৷ দিন হাজিৰা কৰা পিতৃ-মাতৃৰ পুত্ৰৰ চিকিৎসা কৰিবলৈ আৰ্থিকভাৱে অসমৰ্থ, যাৰ ফলত এতিয়া সহায়ৰ আহ্বান জনাইছে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসমবাসী ৰাইজ তথা দল সংগঠনৰ পৰা ৷ কোনো সদাশয় ইচ্ছুক লোকে শিশুটিৰ মাতৃ নিতিকা দাসৰ ষ্টেট বেংক দক্ষিণ গনকগাড়ী শাখাৰ একাউণ্ট নম্বৰ ৩৮২৯৬৯৪৬৩৬৬ ত শিশুটিৰ চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদান কৰিব পাৰে ৷

অচিন ৰোগত আক্ৰান্ত এটি দেৱ শিশু
Last Updated : Aug 22, 2019, 4:27 PM IST

ABOUT THE AUTHOR

...view details