বৰপেটা, ১5 ছেপ্টেম্বৰঃ অৱশেষত হাজো আৰক্ষীৰ সহযোগত বৰপেটা আৰক্ষীয়ে অভিযান চলাই হাজোৰ খোপনিকুছি গাঁৱৰ পৰা উদ্ধাৰ কৰিলে শুকুৰবাৰে বৰপেটা বাঁহমূৰা গাঁৱৰ পৰা সদ্যজাত অপহৃত শিশুটি ৷ ইয়াৰোপৰি আৰক্ষীৰ জালত পৰে অপহৰণৰ লগত জড়িত দুই অভিযুক্ত ৷ কিন্তু বৰ্তমানো পলাতক অপহৰণকাণ্ডৰ লগত জড়িত মূল অভি়যুক্ত হাছানুৰ আলী ৷
হাজোত উদ্ধাৰ অপহৃত সদ্যজাত শিশু : আৰক্ষীৰ জালত দুই অভিযুক্ত - বৰপেটাৰ কলগাছিয়াৰ সমীপৰ বালিকুৰি
হাজো আৰক্ষীৰ সহযোগত বৰপেটা আৰক্ষীয়ে অভিযানত হাজোৰ খোপনিকুছি গাঁৱৰ পৰা উদ্ধাৰ কৰিলে শুকুৰবাৰে বৰপেটা বাঁহমূৰা গাঁৱৰ পৰা সদ্যজাত অপহৃত শিশুটি ৷ ইয়াৰোপৰি আৰক্ষীৰ জালত পৰে অপহৰণৰ লগত জড়িত দুই অভিযুক্ত ৷ কিন্তু বৰ্তমানো পলাতক অপহৰণকাণ্ডৰ লগত জড়িত মূল অভি়যুক্ত হাছানুৰ আলী ৷

উল্লেখ্য যে, শুকুৰবাৰে নিশা বৰপেটাৰ বাঁহমূৰা গাঁৱত সংঘটিত হৈছিল শ্বাসৰুদ্ধকৰ শিশু অপহৰণৰ ঘটনা ৷ বৰপেটাৰ কলগাছিয়াৰ সমীপৰ বালিকুৰি গাঁৱৰ বাবুল হুছেইন আৰু নুৰুলা পাৰভিনৰ ১৫ দিনীয়া কন্যা শিশুটো নিশা শুই থকা অৱস্থাত মাতৃৰ বুকুৰ মাজৰ পৰা হাছানুৰ আলী আৰু ইমান আলী নামৰ দুই অপহৰণকাৰীয়ে উঠাই লৈ যায় ৷ অপহৰণকাৰীয়ে শিশুটো লৈ গৈছিল হাজোৰ খোপনিকুছি গাৱঁলৈ আৰু হাজোৰ ৱাইদুল হকক শিশুটো চমজাই দিয়ে ৷
আনহাতে দুই অপহৰণকাৰীৰ ভিতৰত ইমান আলীক সন্দেহৰ ভিত্তিত আটক কৰে গাঁৱৰ ৰাইজে ৷ ইমান আলীয়ে হাছানুৰ আলীৰ লগলাগি শিশুটো অপহৰণ কৰা বুলি স্বীকাৰ কৰাৰ পাচতে গাঁৱৰ উত্তেজিত লোকে ইমান আলীক উত্তম মধ্যম শোধাই অপহৰণকাণ্ডত ব্যৱহৃত ইমান আলীৰ ইয়ন গাড়ীখনো জ্বলাই দিয়ে ৷ ইপিনে ইমান আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে শিশুটোক উদ্ধাৰৰ বাবে হাজোৰ বিভিন্ন স্থানত অভিযান চলায় শেষত উদ্ধাৰ কৰে শিশুটি ৷ ৱাইদুল হ'কে আৰক্ষীক দিয়া স্বীকাৰোক্তি মতে, শ্বিলঙত বিক্ৰীৰ বাবে লৈ যোৱা হৈছিল শিশুটো ৷ ঘটনা সন্দৰ্ভত বৰপেটা আৰক্ষীৰ তদন্ত অব্যাহত ৷