অসম

assam

ETV Bharat / state

বৰপেটাৰ জনীয়া সমষ্টিৰ পথ মেৰামতিত ব্যাপক দুৰ্নীতিৰ অভিযোগ

তথ্য অনুসৰি কাম আৰম্ভ হোৱা পথছোৱাৰ নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় ঠিকাদাৰৰ ছাইড মেনেজাৰে প্ৰাককলন অনুযায়ী পথসমূহ নিৰ্মাণ নকৰি দুৰ্নীতি আৰু অনিয়মত লিপ্ত হোৱা বুলি ৰাইজৰ অভিযোগ

By

Published : May 29, 2019, 5:54 PM IST

বৰপেটাৰ জনীয়া সমষ্টিৰ পথ মেৰামতিত ব্যাপক দুৰ্নীতিৰ অভিযোগ

জনীয়া, 29 মেঃ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ পথ মেৰামতিৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ৰাজ্যিক উন্নয়ন পুঁজিৰে গড়কাপ্তানী গ্ৰাম্য পথৰ মেৰামতিৰ কাম আৰম্ভ কৰে যদিও ৰাইজে বিচৰা ধৰণে বৰ্তমানো সম্পূৰ্ণ হৈ উঠা নাই পথছোৱাৰ কাম ৷ এই পথছোৱাৰ বাবে স্থানীয় বিধায়কে ৮৭.৬৩ লাখ টকা আবন্টন দিয়ে যদিও ঠিকাদাৰে ৰাইজক কেৱল ৪৯ লাখ টকা আবন্টন দিয়া বুলি জনায় ৷

বৰপেটাৰ জনীয়া সমষ্টিৰ পথ মেৰামতিত ব্যাপক দুৰ্নীতিৰ অভিযোগ

তথ্য অনুসৰি কাম আৰম্ভ হোৱা পথছোৱাৰ নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় ঠিকাদাৰৰ ছাইড মেনেজাৰে প্ৰাক্কলন অনুযায়ী পথসমূহ নিৰ্মাণ নকৰি দুৰ্নীতি আৰু অনিয়মত লিপ্ত হোৱা বুলি ৰাইজে অভিযোগ কৰে ৷ ইয়াৰোপৰি ৰাইজে ছাইড মেনেজাৰক প্ৰাক্কলন বিচৰাত অমাৰ্জিত ব্যৱহাৰ কৰাৰো অভিযোগ কৰিছে ৰাইজে ৷

ABOUT THE AUTHOR

...view details