অসম

assam

ETV Bharat / state

কলগাছিয়াত ৰাজহুৱা পথ কাটি কৃত্ৰিম বান ৰোধৰ চেষ্টা

কৃত্ৰিম বানত আক্ৰান্ত হৈছে ৰাজ্যৰ অধিকাংশ অঞ্চল (Flood in Assam)৷ বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ বিভিন্ন অঞ্চলত কালভাৰ্ট বন্ধ কৰি দিয়াৰ ফলত কৃত্ৰিম বানত বুৰ গৈছে কেবাসহস্ৰাধিক লোক (Artificial floods hit Kalgasia) ৷

কলগাছিয়াত ৰাজহুৱা পথ কাটি কৃত্ৰিম বান ৰোধৰ চেষ্টা
Artificial floods hit Kalgasia

By

Published : Jun 17, 2022, 1:12 PM IST

বৰপেটা, 17 জুন :ৰাজ্যজুৰি বিগত কিছুদিন মুষলধাৰ বৰষুণৰ পিছত প্ৰকৃতিয়ে বিধ্বস্ত ৰূপ ধাৰণ কৰিছে ৷ কৃত্ৰিম বানত আক্ৰান্ত হৈছে ৰাজ্যৰ অধিকাংশ অঞ্চল (Flood in Assam)৷ বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ বিভিন্ন অঞ্চলত কালভাৰ্ট বন্ধ কৰি দিয়াৰ ফলত কৃত্ৰিম বানত বুৰ গৈছে কেবাসহস্ৰাধিক লোক (Artificial floods hit Kalgasia) ৷

বানাক্ৰান্ত বহু অঞ্চলৰ ঘৰৰ ভিতৰত হৈছে একাঠু পৰ্যন্ত পানী বাঢ়িছে ৷ এই কৃত্ৰিম বান ৰোধৰ বাবে দিগজানি আৰু গুনীয়ালগুৰি গাঁৱৰ দুটা বন্ধ কালভাৰ্ট মুকলি কৰি দিয়াৰ লগতে অস্থায়ীভাৱে হালধীয়া গাঁৱৰ এটা ৰাজহুৱা পথ কাটি পানী ওলাই যোৱাৰ ব্যৱস্থা কৰি দিয়ে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দনা বৰুৱা বিৰকমীয়াই ৷ পথ কটাৰ সময়তে অঞ্চলটো তীব্ৰ বিতৰ্কৰ লগতে বাক-বিতণ্ডাৰ সৃষ্টি হয় ।

artificial-floods-hit-kalgasia

হালধীয়া গাঁৱৰ মনোৱাৰ হুছেইন নামৰ এজন ব্যক্তিয়ে পানী ওলাই যোৱা নলাত ব্যক্তিগত পথ নিৰ্মাণ কৰাৰ ফলত এই বিতৰ্কৰ সৃষ্টি হয়। পিছত মনোৱাৰ হুছেইনে নিৰ্মাণ কৰা ব্যক্তিগত পথটো ভাগি দিবলৈ বিষয়াজনে নিৰ্দেশনা দিয়াতহে স্থানীয়ে ৰাইজে ৰাজহুৱা পথটো কাটিবলৈ অনুমতি প্ৰদান কৰে বিষয়াগৰাকীক ৷

বিষয়াগৰাকীয়ে সংবাদমাধ্যমক জনায় যে ৰাইজৰ সুৰক্ষাৰ কাৰণে এই পদক্ষেপ হাতত লোৱা হৈছে ৷ অন্যথা এই কৃত্ৰিম বানে অন্যান্য গাওঁসমূহকো ক্ষতি কৰাৰ সম্ভাৱনা আছে ৷ পানীখিনি ওলাই গ'লে ৰাইজে বানৰ পৰা কিছু সকাহ পাব ৷

লগতে চাওক :মহানগৰীত শুকুৰবাৰেও বন্ধ থাকিব শিক্ষানুষ্ঠান

ABOUT THE AUTHOR

...view details