জনীয়া, 20 আগষ্ট:বৰপেটা জিলাৰ ৰূপসী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত 1385 নং চৰ বালাগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে সীমাহীন দুৰ্নীতিৰ অভিযোগ ৷ বিদ্যালয় খনৰ প্ৰধান শিক্ষক আব্দুল হালিমে লক ডাউনৰ সুযোগ গ্ৰহণ কৰি সীমাহীন দুৰ্নীতি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ তুলিছে বিদ্যালয় পৰিচালনা সমিতিৰ লগতে একাংশ অভিভাৱকে ৷ দুৰ্নীতিৰ খলনায়ক বুলি পৰিচিত প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে উচিত তদন্ত কৰাৰ দাবী কৰিছে স্থানীয় ৰাইজে ৷
প্ৰধান শিক্ষক আব্দুল হালিমৰ বিৰুদ্ধে বিদ্যালয়খনৰ 114 গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামত চৰকাৰে যোগান ধৰা ইউনিফৰ্মৰ ক্ষেত্ৰত বৰপেটা ৰোডৰ গিৰিশ এন্টাৰপ্ৰাইজ নামৰ কোম্পানীৰ লগত 200 টকাকৈ কমিচনৰ অংক মিলাই ছাত্ৰ-ছাত্ৰীক নিম্নমানৰ পোছাক যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে ৷
লগতে বিদ্যালয়ৰ শৌচালয় নিৰ্মাণৰ ক্ষেত্ৰত টকা আত্মসাৎ কৰা, শিক্ষা বিষয়া প্ৰদিপ কুমাৰ দাসক টকা দিব লাগে বুলি কৈ ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ দিয়াৰ নামত এশৰ পৰা দুই হাজাৰ টকাকৈ উৎকোচ লোৱাৰ আন এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে ৷