অসম

assam

ETV Bharat / state

কলগাছিয়াত অন্ধবিশ্বাসৰ কৱলত গঞা

অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত কলগাছিয়াৰ একাংশ লোক ৷ শেহতীয়াকৈ কলগাছিয়াৰ খেল্লীত পোৱালি জন্ম নিদিয়াকৈ গাখীৰ দিয়া গাই গৰুক দৈৱ গৰু আখ্যা দি গাখীৰত ঔষদি গুণ থকাৰ অপপ্ৰচাৰ।

By

Published : Aug 4, 2019, 12:29 PM IST

কলগাছিয়াত অন্ধ বিশ্বাসৰ কৱলত গঞা

জনীয়া, 4 আগষ্টঃ অন্ধবিশ্বাসৰ কৰাল গ্ৰাসৰ পৰা আজিকোপতি মুক্তি পোৱা নাই কলগাছিয়াৰ একাংশ লোকে ৷ শেহতীয়াকৈ কলগাছিয়াৰ খেল্লীত পোৱালি জন্ম নিদিয়াকৈ গাখীৰ দিয়া গাই গৰুক দৈৱ গৰু আখ্যা দি গাখীৰত ঔষদি গুণ থকাৰ অপপ্ৰচাৰ। এই গাখীৰ ঔষধি আৰু দৈৱ গুণ সম্পন্ন আৰু দৈৱ গাইজনীৰ গাখীৰ খাই পেটৰ অসুখ, মূৰৰ বিষ, পেৰালাইচিচ আদি মাৰাত্মক বেমাৰ-আজাৰ ভাল হৈছে বুলি অপপ্ৰচাৰৰ উপৰি এই দৈৱ গাইজনীৰ গাখীৰ খালে মনৰ আশাও পূৰণ হয় বুলি এক অপপ্ৰচাৰ চলোৱাত অন্ধবিশ্বাস বিয়পি পৰিছে সমগ্ৰ অঞ্চলটোত।

কলগাছিয়াত অন্ধ বিশ্বাসৰ কৱলত গঞা

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ খেল্লী গাঁৱৰ ফজৰ আলীৰ ঘৰত সংঘটিত হোৱা এই নাভুত নাশ্ৰুত কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। ফলত হাজাৰ হাজাৰ ৰোগীৰ লগতে দূৰ দূৰণিৰ পৰা লানি নিচিগা সোঁত ববলৈ ধৰিছে অন্ধবিশ্বাসৰ বিশ্বাসত বলিয়ান হোৱা দৰ্শকৰ। বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসালয়ৰ পৰিৱৰ্তে এতিয়া গো- পালক ফজৰ আলীৰ ঘৰলৈ ঢাপলি মেলিছে হাজাৰ হাজাৰ লোক। এই ঘটনাক একাংশ লোকে সমৰ্থন কৰাৰ বিপৰীতে আন একাংশই অন্ধবিশ্বাস বুলি দাবী কৰাৰ লগতে প্ৰশাসনক অতি সোনকালে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷

ABOUT THE AUTHOR

...view details