উন্মোচন হ'ল গ্ৰন্থ 'পিকচ'ৰীয়েল বৰপেটা সত্ৰ'
অসমৰ সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ বৰপেটা সত্ৰ সম্পৰ্কীয় এখন ইংৰাজী গ্ৰন্থ দেওবাৰে বৰপেটাত উন্মোচন কৰা হয় ৷ বৰপেটা প্ৰেছ ক্লাৱত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই 'পিকচ'ৰীয়েল বৰপেটা সত্ৰ' নামৰ গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৷
বৰপেটা, ১১ আগষ্টঃ দেশ বিদেশৰ পাঠকক বৰপেটা সত্ৰৰ বিষয়ে পৰিচয় কৰি দিবলৈ অধৰ চন্দ্ৰ দাসৰ 'সচিত্ৰ বৰপেটা সত্ৰ' নামৰ গ্ৰন্থখন ড0 দিবাকৰ দাসে ইংৰাজীলৈ অনুবাদ কৰিছে ৷ বিবিধ সত্ৰীয়া সংস্কৃতি, ঐতিহ্য আৰু পৰম্পৰাৰে পৰিপূৰ্ণ বৰপেটা সত্ৰৰ প্ৰতি দেশ বিদেশৰ বহু মানুহ আকৰ্ষিত হৈছে ৷ দেশ-বিদেশৰ লোকসকলে বৰপেটা সত্ৰ সম্পৰ্কে জানিবলৈ এই গ্ৰন্থখনে বিশেষভাৱে সহায় কৰাৰ উদ্দেশ্যৰেই ইংৰাজী ভাষাত গ্ৰন্থখন প্ৰকাশ কৰা হৈছে ৷ ইংৰাজী ভাষাত লিখিত ড0 দিবাকৰ দাস অনুদিত 'পিকচ'ৰীয়েল বৰপেটা সত্ৰ' গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ঠ শিক্ষাবিদ-লেখক অক্ষয় কুমাৰ মিশ্ৰ, অৰ্জুন চন্দ্ৰ দাস, ড0 বাবুল দাস আদিয়েও অংশগ্ৰহণ কৰে ৷