অসম

assam

ETV Bharat / state

পশ্চিম বংগৰ বৰ্ধমান বিস্ফোৰণ কাণ্ডঃ৩০ আগষ্টত নিৰ্ণয় হব অসমৰ তিনি জেহাদীৰ ভাগ্য - বোমা বিস্ফোৰণ

পশ্চিম বংগৰ বৰ্ধমানত সংঘটিত বিস্ফোৰণ আৰু ভাৰতবিৰোধী জেহাদী কাৰ্যকলাপৰ গোচৰত আদালতৰ ৰায় প্ৰদান। এই গোচৰত এন আই এ মুঠ ৩০জন লোকক গ্ৰেপ্তাৰ কৰিছিল। তদুপৰিএই গোচৰত অসমৰ শ্বাহানুৰ আলম,বৰপেটাৰ ছাকিউল ইছলাম খান আৰু ছহিদুল ইছলামকো দোষী সাব্যস্ত কৰিছে এন আই এৰ আদালতে ৷ অহা ৩০ আগষ্টত শাস্তি ঘোষণা কৰিব আদালতে।

বৃহস্পতিবাৰে নিৰ্ণয় হব অসমৰ তিনি জেহাদীৰ ভাগ্য

By

Published : Aug 29, 2019, 3:55 PM IST

Updated : Aug 29, 2019, 4:20 PM IST

বৰপেটা,29আগষ্টঃ পশ্চিম বংগৰ বৰ্ধমানত সংঘটিত বিস্ফোৰণ আৰু ভাৰতবিৰোধী জেহাদী কাৰ্যকলাপৰ গোচৰত আদালতৰ ৰায় প্ৰদান। এই গোচৰত এন আই এ মুঠ ৩০জন লোকক গ্ৰেপ্তাৰ কৰিছিল। তদুপৰিএই গোচৰত অসমৰ শ্বাহানুৰ আলম,বৰপেটাৰ ছাকিউল ইছলাম খান আৰু ছহিদুল ইছলামকো দোষী সাব্যস্ত কৰিছে এন আই এৰ আদালতে ৷ অহা ৩০ আগষ্টত শাস্তি ঘোষণা কৰিব আদালতে।

বৃহস্পতিবাৰে নিৰ্ণয় হব অসমৰ তিনি জেহাদীৰ ভাগ্য

ইপিনে শ্বাহানুৰ আলমৰ পৰিয়ালৰ সম্পৰ্কে গাঁওবাসীয়ে জনালে বহু বিস্ফোৰক মন্তব্য ৷ গাঁওবাসীৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাই শ্বাহানুৰ আলমৰ পত্নী ছুজিনা বেগমৰ ৷ গাঁওবাসীৰ সৈতে সম্পূৰ্ণ বিচ্ছিন্ন জীৱন কটাই আছে চুজিনাই ৷ শ্বাহানুৰৰ পত্নী জেলৰ পৰা ওলাই অহাৰ পাচৰেপৰাই চতলা গাঁৱৰ নিজ গৃহতে আছে যদিও শ্বাহানুৰৰ পত্নী চুজিনাক দেখা পোৱা নাই ওচৰ চুবুৰীয়াইও ৷

২০১৪ চনৰ ২ অক্টোবৰত পশ্চিমবংগৰ বৰ্ধমান জিলাৰ খাগ্ৰাগড়ত সংঘটিত হৈছিল এটা ভয়াৱহ বোমা বিস্ফোৰণৰ ঘটনা ৷ বিস্ফোৰণটোত ২ জন লোক নিহত হোৱাৰ লগতে আহত হৈছিল ৪ জনকৈ লোক ৷

Last Updated : Aug 29, 2019, 4:20 PM IST

ABOUT THE AUTHOR

...view details